আই আই টি খড়গপুৰৰ নিযুক্তি ২০২২ঃ পেচাদাৰী প্ৰশিক্ষাৰ্থীৰ পদখালী

আই আই টি খড়গপুৰে পেচাদাৰী প্ৰশিক্ষাৰ্থী নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলৰ পৰা আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ
আই আই টি খড়গপুৰৰ নিযুক্তি ২০২২ঃ পেচাদাৰী প্ৰশিক্ষাৰ্থীৰ পদখালী

আই আই টি খড়গপুৰে শেহতীয়াকৈ পেচাদাৰী প্ৰশিক্ষাৰ্থী পদত নিযুক্তিৰ বাবে জাননী প্ৰকাশ কৰিছে। অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ ভিতৰত পোৱাকৈ আবেদন জনাব পাৰে।

আই আই টি খড়গপুৰৰ নিযুক্তি-২০২২ঃ

আই আই টি খড়গপুৰে শেহতীয়াভাৱে পেচাদাৰী প্ৰশিক্ষাৰ্থী পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীসকলৰ পৰা আবেদন বিচাৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, খালীপদৰ সংখ্যা, দৰমহা, বয়সৰ সীমা আদিৰ তথ্য তলত পাব ৷

পদৰ নাম

পেচাদাৰী প্ৰশিক্ষাৰ্থী

খালী পদ

১০ টা

দৰমহা

মাহিলী ২০ হেজাৰ টকা

চাকৰিৰ অৱস্থান

খড়গপুৰ (পশ্চিমবংগ)

অন্তিম তাৰিখ

২৮ অক্টোবৰ, ২০২২

অফিচিয়েল ৱেবছাইট

http://iitkgp.ac/

শিক্ষাগত অৰ্হতাঃ

প্ৰাৰ্থীসকলৰ যিকোনো স্বীকৃতিপ্ৰাপ্ত ব'ৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা চাৰ্টাৰ্ড একাউটেণ্ট, ক'স্ত বা স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব ৷

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ লিখিত পৰীক্ষা, সাক্ষাৎকাৰ ।

আবেদনৰ নিয়মঃ

আই আই টি খড়গপুৰৰ ৱেবছাইট iitkgp.ac.inৰ পৰা ০৭-১০-২০২২-ৰ পৰা ২৮ অক্টোবৰ, ২০২২লৈকে আবেদন জনাব পাৰিব।

আই আই টি খড়গপুৰৰ বিষয়েঃ

আই আই টি খড়গপুৰ হৈছে দেশৰ সবাতোকৈ পুৰণি আই আই টি। এই আই আই টি ১৯৫১-ত প্ৰতিষ্ঠা কৰা হয়। এই প্ৰতিষ্ঠান হৈছে ভাৰত চৰকাৰৰ এক অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান ৷ এই শিক্ষা প্ৰতিষ্ঠানৰ উদ্দেশ্য হৈছে অৰ্থপূৰ্ণ শিক্ষা আগবঢ়োৱা, প্ৰযুক্তিগত উদ্ভাৱনৰ ক্ষেত্ৰত নেতৃত্ব প্ৰদানৰ বাবে উচ্চ মানৰ মৌলিক গৱেষণা কৰা আদি । এই প্ৰতিষ্ঠানক এখন ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠানৰূপে স্বীকৃতি দিয়া হৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com