Begin typing your search above and press return to search.

ভাৰতীয় সেনাত অগ্নিনিৰ্বাপক কৰ্মী নিযুক্তি

ইচ্ছ্যুক প্ৰাৰ্থীসকলে ইয়াৰ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়স আদিৰ তথ্য তলত চাব পাৰেঃ

ভাৰতীয় সেনাত অগ্নিনিৰ্বাপক কৰ্মী নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Dec 2021 10:19 AM GMT


ভাৰতীয় সেনাৰ বিষয়েঃ ভাৰতীয় সেনা হৈছে দেশৰ সশস্ত্ৰ বাহিনীসমূহৰ সবাতোকৈ ডাঙৰ অংশ আৰু ইয়াত ভূ-ভাগত নিয়োগ কৰা হয়। দেশৰ ৰাষ্ট্ৰপতি হৈছে ভাৰতীয় সেনাৰ মুৰব্বী। ভাৰতীয় সেনাৰ পেচাদাৰী মুৰব্বী হৈছে চাৰি তাৰকাযুক্ত সেনাৰ মুৰব্বী। দুজন বিষয়াক ফিল্ড মাৰ্শ্বালৰ দায়িত্ব প্ৰদানেৰে সন্মান দিয়া হয়। পূৰ্বৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ভাৰতীয় সেনাৰ সূত্ৰপাত ঘটে। ঔপনিৱেশিক শাসনত ব্ৰিটিছ ভাৰতীয় সেনা আছিল। দেশৰ স্বাধীনতাৰ পাছত ভাৰতীয় সেনাৰূপে নামকৰণ হয়। স্বাধীনতাৰ আগতো বা পাছতো ভাৰতীয় সেনাই বিভিন্ন যুদ্ধত অংশ লৈ আহিছে। বিশ্বৰ আন দেশতো ভাৰতীয় সেনাই যুদ্ধত অংশ লৈছে। ইয়াৰ জৰিয়তে ভাৰতীয় সেনাই সন্মান অৰ্জন কৰি আহিছে।

শেহতীয়াভাবে ভাৰতীয় সেনাই অগ্নিনিৰ্বাপক কৰ্মী নিয়োগৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। ইচ্ছ্যুক প্ৰাৰ্থীসকলে ইয়াৰ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়স আদিৰ তথ্য তলত চাব পাৰেঃ

পদৰ নাম


অগ্নিনিৰ্বাপক কৰ্মী

খালী পদ

০৩টা।

বয়স

উল্লেখ নাই

দৰমহা

মাহিলী ১৯ হেজাৰ টকা।

অন্তিম তাৰিখ

১৮ ডিচেম্বৰ, ২০২১।

স্থান

গুৱাহাটী, অসম

আবেদন প্ৰক্ৰিয়া

অনলাইন

শিক্ষাগত অৰ্হতা

ভাৰতীয় সেনাৰ জাননী অনুসৰি।

আবেদনৰ মাচুল

নাই।




বাছনি প্ৰক্ৰিয়া:সাক্ষাতকাৰ।


আৰু পঢ়ক:RIMS মণিপুৰত নিযুক্তি, ০৯ চিনিয়ৰ ৰেচিদেণ্টৰ পদখালী


Next Story
চাকৰি