Begin typing your search above and press return to search.

RIMS মণিপুৰত নিযুক্তি, ০৯ চিনিয়ৰ ৰেচিদেণ্টৰ পদখালী

উপযুক্ত প্ৰাৰ্থী সকলক চিনিয়ৰ ৰেচিদেণ্টৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে

RIMS মণিপুৰত নিযুক্তি, ০৯ চিনিয়ৰ ৰেচিদেণ্টৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Dec 2021 9:15 AM GMT

ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল চায়েন্স, ইম্ফল:

ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল চায়েন্স, ইম্ফল, লেম্ফেলপাট, ইম্ফল, মণিপুৰত অৱস্থিত। এই অনুষ্ঠান স্থাপিত কৰা হৈছিল, ১৪ছেপ্টেম্বৰ ১৯৭২চনত। এই অনুষ্ঠান পৰিচালিত কৰে "নৰ্থ ইষ্টান ৰিজনেল মেডিকেল কলেজ ছছাইটি" নামৰ এটি সংস্থানে। মণিপুৰ ছছাইটিজ ৰেজিষ্ট্ৰেচন এক্ট, ১৯৮৯ৰ অধীনত এই এই সংস্থানৰ অধীনলৈ আহিছিল ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল চায়েন্স, ইম্ফল।

ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল চায়েন্স, ইম্ফলত চাকৰিৰ অধিসূচনা :

ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল চায়েন্স, ইম্ফলত, উপযুক্ত প্ৰাৰ্থী সকলক চিনিয়ৰ ৰেচিদেণ্টৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

চিনিয়ৰ ৰেচিদেণ্টৰ

খালী পদৰ সংখ্যা

০৯

অন্তিম তাৰিখ

০১/১২/২০২১

বয়স

২১ - ৪৫বছৰ। নিয়মাৱলী অনুসৰি বয়সৰ ৰেহাই।

দৰমহা

দৰমহা স্তৰ ০৩

নিযুক্তিৰ স্থান

মণিপুৰ, ইম্ফল

আৱেদন প্ৰক্ৰিয়া

ৱাক ইন


চিনিয়ৰ ৰেচিদেণ্টৰ খালী পদৰ বাবে অৰ্হতা :

এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী MCI ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা প্ৰাসংগিক বিষয়ত পোষ্ট গ্ৰেজুৱেট। লগতে প্ৰাৰ্থী মণিপুৰ মেডিকেল কাউন্সিল/ MCI ৰ অন্তৰ্গত পঞ্জীভূত হ'ব লাগিব।

আৱেদন প্ৰক্ৰিয়া:

এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী সকলে সম্পূৰ্ণ ভাৱে পূৰণ কৰা বায়ডাতা, সকলো প্ৰয়োজনীয় নথিপত্ৰ সহ উপ নিৰ্দেশক, ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল চায়েন্স, ইম্ফল লৈ, ০১ ডিচেম্বৰ ২০২১ৰ পূৰ্বে প্ৰেৰণ কৰিব লাগিব।

প্ৰাৰ্থী সকলে ০২ ডিচেম্বৰ ২০২১ তাৰিখে, দিনৰ ১১বজাৰ পৰা, সন্মিলন কক্ষ, জুবিলী হল, RIMS, ইম্ফলত অনুষ্ঠিত হ'ব লগীয়া সাক্ষাৎকাৰৰ বাবে উপস্থিত হ'ব লাগিব।

বাছনি প্ৰক্ৰিয়া: সাক্ষাৎকাৰ


আৰু পঢ়ক: ICAR- RCNEH উমিয়ামত নিযুক্তি ২০২১ : প্ৰকল্প সহকাৰী পদখালী



Next Story
চাকৰি