Begin typing your search above and press return to search.

ICAR- RCNEH উমিয়ামত নিযুক্তি ২০২১ : প্ৰকল্প সহকাৰী পদখালী

উপযুক্ত প্ৰাৰ্থী সকলক প্ৰকল্প সহকাৰীৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে

ICAR- RCNEH উমিয়ামত নিযুক্তি ২০২১ : প্ৰকল্প সহকাৰী পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Dec 2021 9:00 AM GMT

ICAR- RCNEH উমিয়ামৰ বিষয়ে জানক :

ভাৰতীয় কৃষি গৱেষণা পৰিষদ (ICAR) অধীনত ICAR উত্তৰ - পূব পাহাৰীয়া অঞ্চল, ১৯৭৫চনৰ ০৯জানুৱাৰী তাৰিখে প্ৰতিস্থাপন কৰা হয়। এই অনুষ্ঠান আছিল গৱেষণা ক্ষেত্ৰত প্ৰতিস্থাপন প্ৰথমখন অনুষ্ঠান, য'ত সমাহাৰ কৰা হৈছিল উত্তৰ পূৰ্বাঞ্চল পাহাৰীয়া অঞ্চল সমূহৰ বাবে গৱেষণা সম্বন্ধীয় ভিন্ন বিভাগ যেনে কৃষি, উদ্ভিদবিদ্যা, পশু বিজ্ঞান, কৃষি অভিযন্তা, মৎস্য বিভাগ আদি। এই অনুষ্ঠানৰ মুখ্য কাৰ্য্যালয় মেঘালয়ৰ, বৰাপানি অঞ্চলত স্থিত। এই অনুষ্ঠানৰ আঞ্চলিক কেন্দ্ৰ সমূহ হৈছে, বছৰ (অৰুণাচল প্ৰদেশ), ইম্ফল (মণিপুৰ), কলাচিব (মিজোৰাম), ঝৰ্ণাপানি (নাগালেণ্ড), লেম্বোচেৰা (ত্ৰিপুৰা) আৰু গেংটক (ছিক্কিম), আৰু এই সমূহৰ লগতে লাগি আছে সৰ্বমুঠ ১৫টা কৃষি বিজ্ঞান কেন্দ্ৰ, যিয়ে কৃষক, স্কুল ত্যাগ কৰা বিদ্যাৰ্থী, মহিলা সকলক প্ৰশিক্ষণ প্ৰদান কৰে।

ICAR RCNEH উমিয়ামত পদ খালী :

ICAR উত্তৰ - পূব পাহাৰীয়া অঞ্চলত, উপযুক্ত প্ৰাৰ্থী সকলক প্ৰকল্প সহকাৰীৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

প্ৰকল্প সহকাৰী

খালী পদৰ সংখ্যা

০১

প্ৰকল্পৰ নাম

AICRP on IWM Project

বয়স

২১ - ৪৫বছৰ। নিয়মাৱলী অনুসৰি বয়সৰ ৰেহাই।

দৰমহা

১৫,০০০টকা, মাহিলী

নিযুক্তিৰ স্থান

উমিয়াম, মেঘালয়

অন্তিম তাৰিখ

০৪/১২/২০২১


শিক্ষাগত অৰ্হতা :

প্ৰয়োজনীয় অৰ্হতা - গ্ৰেজুৱেট

আকাংক্ষিত অৰ্হতা - ক্ষেত্ৰ গৱেষণা আৰু ভূমিৰ ম্যাদি পৰ্যবেক্ষণ, উদ্ভিদ বিশ্লেষণৰ ৩বছৰীয়া অভিজ্ঞতা।

আবেদনৰ প্ৰক্ৰিয়া :

এই পদত আৱেদন দাখিল কৰিবলৈ সম্পূৰ্ণ বায়ডাতা, সকলো মানপত্ৰ, শিক্ষাগত মানপত্ৰ প্ৰকৃত ৰূপ আৰু প্ৰতিলিপি, এখন আৱেদন সহ নিৰ্দেশক, ICAR উত্তৰ - পূব পাহাৰীয়া অঞ্চল, উমিয়াম, ৭৯১৩০৩, মেঘালয়লৈ প্ৰেৰণ কৰিব লাগিব। আৱেদন সহ স্বাক্ষৰ যুক্ত প্ৰয়োজনীয় নথি পত্ৰ আৰু আৱেদনৰ ওপৰত এখন পাছ পৰ্ট ফটো সংযুক্ত কৰিব।

বাছনি প্ৰক্ৰিয়া:

উপযুক্ত প্ৰাৰ্থী সকলে ০৪ ডিচেম্বৰ ২০২১ তাৰিখে, দিনৰ ১০: ৩০ৰ পৰা অনুষ্ঠিত হ'বলগীয়া সাক্ষাৎকাৰৰ বাবে উপস্থিত হ'ব লাগিব।

স্থান : ATIC বিলডিং, ICAR RC উত্তৰ পূব পাহাৰীয়া অঞ্চলৰ বাবে, উমিয়াম, ৭৯১৩০৩, মেঘালয়।


আৰু পঢ়ক: NIT ছিক্কিমত নিযুক্তি ২০২১ : ০১গৰাকী প্ৰকল্প সহকাৰীৰ পদখালী


Next Story
চাকৰি