Begin typing your search above and press return to search.

জে এন ইউত গৱেষণা সহকাৰীৰ পদ খালী

এই পদৰ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়স আদিৰ সবিশেষ তথ্য তলত উল্লেখ কৰা হৈছে :

জে এন ইউত গৱেষণা সহকাৰীৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Dec 2021 11:01 AM GMT

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ( জে এন ইউ)-ৰ বিষয়েঃ

দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ( জে এন ইউ) ১৯৬৯ত প্ৰতিষ্ঠা কৰা হয়। এই বিশ্ববিদ্যালয় হৈছে গৱেষণাৰ ক্ষেত্ৰত দেশৰ এখন প্ৰধান বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ নামেৰে কৰা হৈছে। এই বিশ্ববিদ্যালয় প্ৰায়োগিক বিজ্ঞান আৰু লিবাৰেল আৰ্টছৰ গৱেষণাৰ বাবে অতি বিখ্যাত। সংসদে এখন আইনযোগে এই বিশ্ববিদ্যালয় স্থাপন কৰে। জে এন ইউৰ প্ৰথম উপাচাৰ্য আছিল জি পাৰ্থসাৰথি। আনহাতে, অধ্যাপক মুনিছ ৰাজা আছিল এই বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আৰু ৰেক্টৰ


১৯৬৫ৰ ১ ছেপ্টেম্বৰত তেতিয়াৰ শিক্ষা মন্ত্ৰী এম চি চাগলাই ৰাজ্যসভাত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ বাবে বিধেয়ক উত্থাপন কৰে। এই বিধেয়কক লৈ হোৱা আলোচনাৰ সময়ত সাংসদ ভূষণ গুপ্তাই মন্তব্য কৰিছিল যে আৰু এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ প্ৰয়োজন নাই। তাৰ পৰিৱৰ্তে বৈজ্ঞানিক সমাজবাদকে ধৰি নতুন শিক্ষা ব্যৱস্থা প্ৰচলনৰহে প্ৰয়োজন। ১৯৬৬ৰ ১৬ নৱেম্বৰত লোকসভাত জে এন ইউ বিধেয়ক গৃহীত হয়। ১৯৬৯ৰ ২২ এপ্ৰিলত জে এন ইউ প্ৰতিষ্ঠা কৰা হয়।


জে এন ইউত নিযুক্তি-২০২২ঃ

জে এন ইউৱে গৱেষণা সহকাৰী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

এই পদৰ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়স আদিৰ সবিশেষ তথ্য তলত উল্লেখ কৰা হৈছে :

পদৰ নাম

গৱেষণা সহকাৰী

খালী পদ

১৮টা।

নিযুক্তিৰ স্থান

দিল্লী-নতুন দিল্লী।

আবেদন মাচুল

নাই।

অন্তিম তাৰিখ

১০ জানুৱাৰী, ২০২২।

বয়সৰ সীমা

তথ্য উপলব্ধ নহয়।


শিক্ষাগত আৰু অন্যান্য অৰ্হতা :


স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা মেডিয়াত এম এ হ'ব লাগিব।

কেনেদৰে আবেদন জনাব:

ইচ্ছুক প্ৰাৰ্থী সকলে নিৰ্ধাৰিত পাঠ্যৰ ৰূপত নিজৰ আবেদন পত্ৰ আৰু সকলো প্ৰয়োজনীয় নথিপত্ৰ অহা ১০ জানুৱাৰী, ২০২২-ৰ ভিতৰত পোৱাকৈ harsjnu@gmail.com-লৈ প্ৰেৰণ কৰিব পাৰে।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।


আৰু পঢ়ক : ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয় ( ক্ষেত্ৰ পৰিচালনা শাখা), গেংটকত পদ খালী


Next Story
চাকৰি