Begin typing your search above and press return to search.

মেঘালয় উদ্যানশস্য বিভাগত নিযুক্তি ২০২১ - কণিষ্ঠ পৰামৰ্শদাতাৰ পদ খালী

০৩ গৰাকী কণিষ্ঠ পৰামৰ্শদাতাৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে আৱেদন প্ৰাৰ্থী বিচৰা হৈছে

মেঘালয় উদ্যানশস্য বিভাগত নিযুক্তি ২০২১ - কণিষ্ঠ পৰামৰ্শদাতাৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Dec 2021 12:40 PM GMT

মেঘালয় উদ্যানশস্য বিভাগৰ বিষয়ে :

মেঘালয় জিলাত চন ১৮৮২ত কৃষি বিভাগৰ নিৰ্মাণ কৰা হৈছিল, কৃষি বিভাগ অসম নামেৰে। পৰবৰ্তী সময়ত ৰাজ্যৰ বিভাজনৰ লগত এই বিভাগটোৰ পুনঃ নামাকৰণ কৰা হয় কৃষি বিভাগ, মেঘালয় হিচাপে। এই বিশেষ বিভাগে কৃষি উন্নয়ন, উদ্যানশস্য আৰু ক্ষুদ্ৰ জলসিঞ্চনৰ সংযুক্ত কৰি সকলো ধৰণৰ কৃষি সম্বন্ধীয় বিভাগৰ চোৱাচিতা কৰে। এই বিভাগটোৰ মোক উদ্দেশ্য হৈছে শস্য উৎপাদন বৃদ্ধি কৰা। অৱশ্যে, এই উন্নয়ন কাৰ্যসূচীত কিছু প্ৰসাশনীয় চোৱাচিতাৰ বাবে চন ১৯৯৫ত গঠন কৰা হয় উদ্যানশস্য সঞ্চালকালয় আৰু জলসিঞ্চন সঞ্চালকালয় চন ২০০১ত।

মেঘালয় উদ্যানশস্য বিভাগত শেহতীয়া পদ খালী :

মেঘালয় উদ্যানশস্য বিভাগত শেহতীয়া ভাৱে ০৩ গৰাকী কণিষ্ঠ পৰামৰ্শদাতাৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন প্ৰাৰ্থী বিচৰা হৈছে। এই পদত আৱেদন দাখিল কৰিবলৈ আগ্ৰহী প্ৰাৰ্থী সকলে তলত উল্লেখিত পদৰ সবিশেষ পৰ্যবেক্ষণ কৰিব পাৰে।


পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

কণিষ্ঠ পৰামৰ্শদাতা

পদ

০৩

বয়স

অধিকতম বয়স ৩৫বছৰ, ১ ডিচেম্বৰ ২০২১ৰ মতে

অৱস্থান

খাচী, জয়ন্তীয়া আৰু গাৰো অঞ্চল (মেঘালয়)

অন্তিম তাৰিখ

২০ ডিচেম্বৰ ২০২১

পদৰ ধৰণ

স্থায়ী


শিক্ষাগত অৰ্হতা :

১. কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক উত্তীৰ্ণ আৰু জৈৱিক কৃষিৰ ০৩বছৰীয়া অভিজ্ঞতা

২. জৈৱিক কৃষিৰ জ্ঞান, জৈৱিক প্ৰমাণ পত্ৰ, আৰু আভ্যন্তৰীণ নিয়ন্ত্ৰণ প্ৰক্ৰিয়া তত্বাৱধান

৩. সাধাৰণ কম্পিউটাৰ জ্ঞান (MS এক্সেল, MS ৱৰ্ড, পাৱাৰ পইন্ট, ইণ্টাৰনেট, ইমেইল) আৰু ডাটা এন্ট্ৰী

আৱেদন প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থী সকলে নিৰ্ধাৰিত পাঠ্যৰ ৰূপত পূৰণ কৰা নিজৰ আৱেদন পত্ৰ, প্ৰয়োজনীয় নথি পত্ৰ, ফটো, আৰু যোগাযোগ নম্বৰ সহ, কক্ষ নং ৩০৭, উদ্যানশস্য সঞ্চালকালয়, লোৱাৰ ক্লিভ চৌহদ, শ্বিলং - ৭৯৩০০৩ ত জমা কৰিব পৰিব। নতুবা meghmissionorganic@gmail.com ইমেইল যোগে প্ৰেৰণ কৰিব পাৰিব।

ঠিকনা :

উদ্যানশস্য সঞ্চালকৰ কাৰ্য্যালয়, মেঘালয়

কক্ষ নং ৩০৭, উদ্যানশস্য সঞ্চালকালয়, লোৱাৰ ক্লিভ চৌহদ, শ্বিলং - ৭৯৩০০৩

বাছনি প্ৰক্ৰিয়া :

• ব্যক্তিগত সাক্ষাৎকাৰ যোগে প্ৰাৰ্থী সকলৰ বাছনি কৰা হ'ব।

• এই পদৰ বাবে ওপৰত উল্লেখিত অৱস্থান সমূহৰ প্ৰাৰ্থী সকলক প্ৰাধান্য দিয়া হ'ব।

• আধৰুৱা আৱেদন সমূহ নাকচ কৰা হ'ব

• কেৱল বাছনি কৰা প্ৰাৰ্থী সকলক ব্যক্তিগত সাক্ষাৎকাৰৰ বাবে মতা হ'ব।


আৰু পঢ়ক : আৰ্মী পাব্লিক স্কুল যোৰহাটত স্নাতক-স্নাতকোত্তৰ শিক্ষক নিযুক্তি


Next Story
চাকৰি