ভাৰতীয় ক্ৰিয়া সন্থাত নিযুক্তি ২০২১ - কনিষ্ঠ পৰামৰ্শদাতাৰ পদ খালী
ভাৰতীয় ক্ৰিয়া সন্থাত কনিষ্ঠ পৰামৰ্শদাতাৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে আৱেদন পত্ৰ বিচৰা হৈছে

ভাৰতীয় ক্ৰিয়া সন্থা :
ভাৰতীয় ক্ৰিয়া সন্থা (SAI) হৈছে, আগশাৰীৰ ৰাষ্ট্ৰীয় ক্ৰিয়া প্ৰতিষ্ঠান। যুৱ সম্পৰ্ক আৰু ক্ৰিয়া montraloy, ভাৰত চৰকাৰৰ দ্বাৰা এই প্ৰতিষ্ঠানৰ স্থাপনা কৰা হৈছিল চন ১৯৮২ত। এই প্ৰতিষ্ঠানৰ অধীনত পৰিচালিত কৰা হয় ২খন ক্ৰিয়া প্ৰশাসন প্ৰতিষ্ঠান, ১১খন চাই আঞ্চলিক কেন্দ্ৰ, ১৪খন উৎকৃষ্টতা কেন্দ্ৰ, ৫৬ ক্ৰিয়া প্ৰশিক্ষণ কেন্দ্ৰ আৰু ২০খন বিশেষ ক্ষেত্ৰ খেল। ইয়াৰ লগতে এই প্ৰতিষ্ঠানে পৰিচালিত কৰে নেতাজী সুভাষ উচ্চ মনোভাৱ প্ৰশিক্ষণ কেন্দ্ৰ আৰু ৰাষ্ট্ৰৰ ৰাজধানী, দিল্লীত ৫খন ষ্টেডিয়াম, যেনে, জৱাহৰলাল নেহৰু ষ্টেডিয়াম, ইন্দিৰা গান্ধী আৰেনা, ধ্যান চান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়াম, এছ পি এম চুইমিং পুল চৌহদ আৰু ড. কৰ্ণী সিং শ্বুটিং ক্ষেত্ৰ।
ভাৰতীয় ক্ৰিয়া সন্থাত পদ খালী :
ভাৰতীয় ক্ৰিয়া সন্থাত শেহতীয়া ভাৱে কনিষ্ঠ পৰামৰ্শদাতাৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।
পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হ'ল :
পদৰ বিৱৰণ | প্ৰয়োজনীয় তথ্য |
পদৰ নাম | কনিষ্ঠ পৰামৰ্শদাতা (প্ৰদৰ্শন নিৰীক্ষক) |
খালী পদ | ১৮ |
বয়স | ৫৫বছৰ |
দৰমহা | ৭৫,০০০ - ১,০০,০০০/- টকা, প্ৰতি মাহে |
অৱস্থান | ভাৰত |
অন্তিম তাৰিখ | ০৫ জানুৱাৰী ২০২২, বিয়লি ৫বজালৈকে |
আৱেদন মাছুল | এন/এ |
আৰম্ভণি তাৰিখ | ২১ ডিচেম্বৰ ২০২১, বিয়লি ৫বজাৰ পোৱা |
শিক্ষাগত অৰ্হতা আৰু অন্যান্য অৰ্হতা :
১. অত্যাৱশ্যকীয় অৰ্হতা : চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা MBA/ PGDM (২বছৰ)
২. প্ৰয়োজনীয় অৰ্হতা : ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত যিকোনো খেলত অংশগ্ৰহণ কৰা প্ৰাৰ্থী সকলক প্ৰাধান্য দিয়া হ'ব।
৩. অত্যাৱশ্যকীয় অভিজ্ঞতা : ০৫বছৰ (উল্লেখিত প্ৰাসংগিক বিভাগত)
৪. প্ৰয়োজনীয় অভিজ্ঞতা : কোনো চৰকাৰী/ মধ্য চৰকাৰী/ স্বায়ত্ত্ব শাসিত/ পি এছ ইউ বিভাগত অভিজ্ঞতা।
আৱেদন প্ৰক্ৰিয়া :
ইচ্ছুক প্ৰাৰ্থী সকলে উল্লেখিত লিংক যোগে আৱেদন দাখিল কৰিব লাগিব।
লিংক : https://sportsauthorityofindia.nic.in/saijobs
১. অনলাইন পঞ্জীয়ন আৰম্ভণি হোৱা তাৰিখ : ২১/১২/২০২১
২. অন্তিম তাৰিখ : ০৫/০১/২০২২
বাছনি প্ৰক্ৰিয়া: সাক্ষাৎকাৰ
আৰু পঢ়ক : ভাৰতীয় ষ্টেট বেংকত নিযুক্তি ২০২১ - মুখ্য তথ্য সুৰক্ষা বিষয়াৰ পদ খালী