ভাৰতীয় মৰাপাট নিগমত গাণনিক, কনিষ্ঠ সহায়কৰ পদ খালী

ভাৰতীয় মৰাপাট নিগমে ৬৩ টা পদত গাণনিক আৰু কনিষ্ঠ সহায়ক নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
ভাৰতীয় মৰাপাট নিগমত গাণনিক, কনিষ্ঠ সহায়কৰ পদ খালী

ভাৰতীয় মৰাপাট নিগমৰ বিষয়েঃ

ভাৰত চৰকাৰে ১৯৭১-ত ভাৰতীয় মৰাপাট নিগম গঠন কৰে। ইয়াৰ উদ্দেশ্য আছিল মৰাপাট মূল্যৰ ক্ষেত্ৰত সহায় বা সকাহ দিয়া।  কৃষি ব্যয় আৰু মূল্য আয়োগে আগবঢ়োৱা পৰামৰ্শৰ ভিত্তিত চৰকাৰে মৰাপাট খেতিৰ ক্ষেত্ৰত ন্যূনতম সকাহ মূল্য় ( এম এছ পি) নিশ্চিত কৰিছে। এই নিগম গঠনৰ মূল উদ্দেশ্য লাভ  অৰ্জন নহয়, দেশৰ প্ৰায় ৪০ লাখ ক্ষুদ্ৰ আৰু উপান্ত মৰাপাট কৃষকক সহায় কৰাহে। পৰম্পৰাগকতভবে ভাৰতৰ মৰাপাটৰ বজাৰ মধ্যভোগীয়ে নিয়ন্ত্ৰণ কৰি আহিছে। মিলৰ পৰা তেওঁলোকে পোৱা মূল্য আৰু কৃষকে পোৱা মূল্যৰ মাজত ডাঙৰ ব্যৱধান থাকে।  গতিকে ভাৰত চৰকাৰে মৰাপাট নিগম গঠন কৰে। 

ভাৰতীয় মৰাপাট নিগমত পদখালীঃ 

ভাৰতীয় মৰাপাট নিগমে অসম, পশ্চিমবংগ, বিহাৰ, ওড়িছা আৰু ত্ৰিপুৰাত ৬৩ টা পদত গাণনিক আৰু কনিষ্ঠ সহায়ক নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ 

প্ৰাৰ্থীসকলে পদৰ বিৱৰণ, অৰ্হতা, দৰমহা স্কেল তলত চাব পাৰে :-

পদৰ নাম 

গাণনিক, কনিষ্ঠ সহায়ক। 

খালী পদ

৬৩টা। 

বয়স

৩০ জানুৱাৰী, ২০২২-ত সৰ্বোচ্চ ৩০ বছৰ। 

দৰমহা

মাহিলী ২১,৫০০ টকাৰ পৰা ১, ১৫,০০০টকা। 

অন্তিম তাৰিখ

১৩ জানুৱাৰী, ২০২২। 

অৱস্থান 

 যোৰহাট, অসম 

আবেদন প্ৰক্ৰিয়া

অনলাইন। 

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া

লিখিত পৰীক্ষা, সাক্ষাতকাৰ। 

খালী পদৰ সংখ্যাঃ

গাণনিকঃ ১২টা। 

কনিষ্ঠ সহায়কঃ ১১টা।

কনিষ্ঠ পৰিদৰ্শকঃ ৪০টা। 

শিক্ষাগত অৰ্হতা :

গাণনিকঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বি কম। 

কনিষ্ঠ সহায়কঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক। 

কনিষ্ঠ পৰিদৰ্শকঃ স্বীকৃতিপ্ৰাপ্ত বোৰ্ডৰ পৰা দ্বাদশ শ্ৰেণী। 

অভিজ্ঞতাঃ 

গাণনিকঃ প্ৰাৰ্থীৰ এম কম থকাৰ লগতে ৭ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব। 

কনিষ্ঠ সহায়কঃ প্ৰাৰ্থীৰ স্নাতক ডিগ্ৰী থকাৰ লগতে কম্পিউটাৰৰ এম এছ ৱৰ্ড আৰু এক্সেলত কাম কৰিব পাৰিব লাগিব। 


কনিষ্ঠ পৰিদৰ্শকঃ প্ৰাৰ্থীৰ মৰাপাট ক্ৰয়.-বিক্ৰয়ত ন্যূনতম ৩ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। 

আবেদনৰ নিয়মঃ 

প্ৰথমে অফিচিয়েল ৱেবছাইট jutecorp.in চাওক আৰু

আপুনি আবেদন কৰিব লগা মৰাপাট নিগমৰ নিযুক্তি বা কেৰিয়াৰ পৰীক্ষা কৰক।

এই নিযুক্তিৰ অধিসূচনা আৰু যোগ্যতা পৰীক্ষা কৰক।

আবেদন প্ৰপত্ৰ পূৰণ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো সাৱধানে পৰীক্ষা কৰক। কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক। আবেদন মাচুল পৰিশোধ কৰক (যদি প্ৰযোজ্য হয়) ।

আবেদন পত্ৰ অহা ১৩ জানুৱাৰী, ২০২২-ৰ ভিতৰত পোৱাকৈ প্ৰেৰণ কৰক।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com