কামৰূপ মহানগৰৰ ন্যায়পালিকাত পিয়নৰ পদখালী

আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:
কামৰূপ মহানগৰৰ ন্যায়পালিকাত পিয়নৰ পদখালী
Published on

কামৰূপ মহানগৰৰ ন্যায়পালিকাৰ বিষয়েঃ 

কামৰূপৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত ১৯২০ -ত প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ ক্ষেত্ৰাধিকাৰ পূবে পূৰ্বৰ নগাঁও জিলা আৰু পশ্চিমে ধুবুৰীলৈকে আছিলষ ৰছুল কামৰূপৰ প্ৰথম জিলা আৰু সত্ৰ ন্যায়াধীশ আছিল। 

কামৰূপ মহানগৰৰ ন্যায়পালিকাত পদখালীঃ  

পিয়ন পদত নিযুক্তিৰ বাবে কামৰূপৰ সত্ৰ ন্যায়াধীশৰ আদালতে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ 

 আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

পদৰ নাম 

পিয়ন

খালী পদৰ সংখ্যা 

০১ টা। 

বয়সৰ সীমা 

উল্লেখ নাই। 

দৰমহা

মাহিলী ১৫ হেজাৰ টকা।  

চাকৰিৰ স্থান 

গুৱাহাটী। 

অন্তিম তাৰিখ 

২১-০১-২০২১ৰ সন্ধিয়া ৫ বজালৈকে। 

আবেদনৰ মাচুল 

তথ্য উপলব্ধ নহয়। 

শিক্ষাগত অৰ্হতা: অষ্টম শ্ৰেণী উত্তীৰ্ণ। দ্বাদশ শ্ৰেণী বা ততোধিক শিক্ষাগ্ৰহণ কৰাসকলে আবেদন জনাবলৈ সক্ষম নহব।  

আবেদনৰ প্ৰক্ৰিয়া:

প্ৰাৰ্থীয়ে অসম  ৰাজপত্ৰৰ নৱম অংশত প্ৰকাশিত ষ্টেণ্ডাৰ্ড ফৰ্মযোগে আবেদন জনাব লাগিব। আবেদনৰ লগত শেহতীয়াকৈ তোলা ৪ কপি পাছপোৰ্ট ফটো আৰু আনুসংগিক নথি-পত্ৰৰ প্ৰতিলিপি গাঁথি দিব লাগিব। তদুপৰি ৫ ছেঃমি x ১১ ছেঃমিৰ এটা লেফাফা আবেদন পত্ৰৰ লগত প্ৰেৰণ কৰিব লাগিব। এই লেফাপাত ৫ টকাৰ ডাকটিকট লগাব লাগিব। মোবাইল নম্বৰ দিব পাৰে। 

প্ৰাৰ্থীয়ে অহা ২১ জানুৱাৰীৰ সন্ধিয়া ৫ বজাৰ ভিতৰত পোৱাকৈ আবেদন পত্ৰ প্ৰেৰণ কৰিব লাগিব। 

সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com