বৰপেটাৰ কৃষি বিজ্ঞান কেন্দ্ৰত কাৰ্যালয় সহায়ক-ক্ষেত্ৰ সমন্বয়কৰ পদ খালী

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:
বৰপেটাৰ কৃষি বিজ্ঞান কেন্দ্ৰত কাৰ্যালয় সহায়ক-ক্ষেত্ৰ সমন্বয়কৰ পদ খালী

বৰপেটাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়েঃ

অসম কৃষি বিশ্ববিদ্যালয়ে বৰপেটাৰ কৃষি বিজ্ঞান কেন্দ্ৰ প্ৰতিষ্ঠা কৰে। হাউলীস্থিত ভাৰতীয় কৃষি গৱেষণা কেন্দ্ৰ পৰা পোৱা বিত্তীয় সাহায্যৰে কৃষি বিশ্ববিদ্যালয়ে এই কেন্দ্ৰ স্থাপন কৰে। ২০০৪ৰ ১৪ ছেপ্টেম্বৰৰ পৰা এই কেন্দ্ৰই কাৰ্য সম্পাদন কৰি আছে।

বৰপেটাৰ কৃষি বিজ্ঞান কেন্দ্ৰই কাৰ্যালয় সহায়ক আৰু ক্ষেত্ৰ সম্বন্বয়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছ্যুক প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ পূৰ্বে আবেদন জনাব পাৰে। .

 প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

পদৰ নাম 

কাৰ্যালয় সহায়ক। খালী পদৰ সংখ্যাঃ ১টা। 

পদৰ নাম

ক্ষেত্ৰ সমন্বয়ক, খালী পদৰ সংখ্যাঃ ১টা। 

বয়সৰ সীমা 

তথ্য উপলব্ধ নহয়। 

দৰমহা 

কাৰ্যালয় সহায়কৰ মাহিলী ১৭ হেজাৰ টকা আৰু ক্ষেত্ৰ সম্বন্বয়কৰ মাহিলী ১৮ হেজাৰ টকা। 

চাকৰিৰ স্থান 

বৰপেটা, অসম। 

আবেদনৰ অন্তিম তাৰিখ

১৪ ডিচেম্বৰ, ২০২১। 

প্ৰকল্পৰ নাম

" Formation and promotion of FPOs by KVKs and ICAR Institutes as Cluster Based Business Organization"

শিক্ষাগত অৰ্হতা:

কাৰ্যালয় সহায়কৰ ক্ষেত্ৰত প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাৰ ন্যূনতম স্নাতক ডিগ্ৰীধাৰী হব লাগিব। কোনো ৰাজহুৱা বা ব্যক্তিগত প্ৰতিষ্ঠানত কাৰ্যালয় পৰিচালনা / সচিবীয় কামত ন্যূনতম এবছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব। এম এছ ৱৰ্ডকে ধৰি কম্পিউটাৰৰ কাম জানিব লাগিব। 

ক্ষেত্ৰ সমন্বয়কৰ ক্ষেত্ৰত প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাৰ ন্যূনতম স্নাতক ডিগ্ৰীধাৰী হব লাগিব। কোনো ৰাজহুৱা বা ব্যক্তিগত প্ৰতিষ্ঠানত কাৰ্যালয় পৰিচালনা / সচিবীয় কামত ন্যূনতম এবছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব। এম এছ ৱৰ্ডকে ধৰি কম্পিউটাৰৰ কাম জানিব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া:

যোগ্য প্ৰাৰ্থীসকলে নিৰ্ধাৰিত প্ৰপত্ৰত তেওঁলোকৰ আবেদন kvk_barpeta@aau.ac.in লৈ অহা ১৪ ডিচেম্বৰৰ ভিতৰত প্ৰেৰণ কৰি পাৰে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com