Begin typing your search above and press return to search.

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী নিযুক্তি ২০২২ - লেবোৰেটৰী এটেণ্ডেণ্টৰ পদখালী

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীয়ে শেহতীয়া ভাৱে লেবোৰেটৰী এটেণ্ডেণ্টৰ খালী পদত নিযুক্তিৰ বাবে প্ৰাৰ্থীসকলক আমন্ত্ৰণ জনাইছে

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী নিযুক্তি ২০২২ - লেবোৰেটৰী এটেণ্ডেণ্টৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Dec 2021 10:45 AM GMT

আই আই টি গুৱাহাটীৰ বিষয়ে জানক :

গুৱাহাটী, অসমত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠান ভাৰত চৰকাৰ দ্বাৰা প্ৰতিস্থাপিত ৰাজহুৱা কাৰিকৰী আৰু গৱেষণা বিশ্ববিদ্যালয়। এই প্ৰতিষ্ঠানৰ স্থাপনা কৰা হৈছিল ১৯৯৪চনত। গুৱাহাটীত স্থিত এই অনুষ্ঠান ভাৰতত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠান সমূহৰ ভিতৰত ষষ্ঠ নম্বৰত। ভাৰত চৰকাৰৰ দ্বাৰা এই অনুষ্ঠানক ভাৰতৰ অন্যতম গুৰত্বপূৰ্ণ শিক্ষা অনুষ্ঠান ৰূপে পৰিগণিত কৰা হয়।

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত পদ খালী :

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীয়ে শেহতীয়া ভাৱে লেৱৰেটৰী এটেন্দেন্তৰ খালী পদত নিযুক্তিৰ বাবে প্ৰাৰ্থীসকলক আমন্ত্ৰণ জনাইছে। আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণবোৰ পৰীক্ষা কৰিব পাৰে:

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

লেৱৰেটৰী এটেন্দেন্ত

খালী পদ

০১

দৰমহা

১০,০৭০/- টকা, প্ৰতি মাহে

অন্তিম তাৰিখ

০৬/০১/২০২২

অৱস্থান

গুৱাহাটী, অসম

বাছনি প্ৰক্ৰিয়া

অনলাইন সাক্ষাৎকাৰ

সাক্ষাৎকাৰৰ তাৰিখ

১১/০১/২০২২

ৱেবচাইট

iitg.ac.in


শিক্ষাগত অৰ্হতা :

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ অফচিয়েল অধিসূচনা অনুসৰি ইচ্ছুক প্ৰাৰ্থী কোনো স্বীকৃতি প্ৰাপ্ত অনুষ্ঠানৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব।

অভিজ্ঞতা :

প্ৰাৰ্থীৰ ১বছৰীয়া গৱেষণাগাৰৰ অভিজ্ঞতা থাকিব লাগিব।

আৱেদন দাখিল কৰিবলৈ তলত উল্লেখিত পদক্ষেপ অনুসৰণ কৰক :

• প্ৰথমে অফিচিয়েল ৱেবচাইট iitg.ac.in লৈ যাওক

• ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান নিযুক্তি বা কেৰিয়াৰ বিভাগলৈ গৈ আৱেদন কৰিব লগীয়া পদৰ সবিশেষ তথ্য সংগ্ৰহ কৰক

• লেৱৰেটৰী এটেন্দেন্ত পদৰ অধিসূচনা তথা ইয়াৰ লগত সংযুক্ত অৰ্হতা সমূহ পৰ্যবেক্ষণ কৰক

• আৱেদন পূৰণৰ পূৰ্বে অন্তিম তাৰিখ পৰীক্ষা কৰক

• শুদ্ধভাৱে আৱেদন পূৰণ কৰক

• আৱেদন মাছুল পৰিশোধ কৰক (যদিহে প্ৰযোজ্য), আৰু নিজৰ আৱেদন attendantlab42@gmail.com লৈ অন্তিম তাৰিখ ০৬ জানুৱাৰী ২০২২ ৰ পূৰ্বে প্ৰেৰণ কৰক।


আৰু পঢ়ক : অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত পদ খালী


Next Story
চাকৰি