Begin typing your search above and press return to search.

এল আই চিত কোম্পানী ছেক্ৰেটাৰীৰ পদ খালী

এই পদৰ সবিশেষ তথা বয়স, অৰ্হতা, দৰমহা আদিৰ বিষয়ে তলত উল্লেখ কৰা হ'ল:

এল আই চিত কোম্পানী ছেক্ৰেটাৰীৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Dec 2021 10:51 AM GMT


ভাৰতীয় জীৱন বীমা নিগমৰ বিষয়েঃ স্বাধীন ভাৰতত ১৯৫৬ৰ ১ ছেপ্টেম্বৰত ভাৰতীয় জীৱন বীমা নিগম (এল আই চি) প্ৰতিষ্ঠা কৰা হয়। জীৱন বীমা কৰাটো অতীজৰে পৰা চলি আহিছে। প্ৰায় ৬ হেজাৰ বছৰ পূৰ্বেই জীৱন বীমা আৰম্ভ হয়। অৱশ্য়ে আধুনিক জীৱন বীমাৰ ইতিহাস অধিক বছৰৰ পুৰণি নহয়। জীৱন বীমাৰ উদ্দেশ্য হৈছে মানুহৰ মৃত্যুৰ বাবে হোৱা ক্ষতি পূৰণ কৰাৰ ব্যৱস্থা কৰা।


ভাৰতীয় জীৱন বীমা নিগমত পদ খালীঃ

এই পদৰ সবিশেষ তথা বয়স, অৰ্হতা, দৰমহা আদিৰ বিষয়ে তলত উল্লেখ কৰা হ'ল:

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

কোম্পানী ছেক্ৰেটাৰী (মাজ পৰ্যায়ৰ মেনেজমেণ্ট) আৰু কোম্পানী ছেক্ৰেটাৰী (কনিষ্ঠ পৰ্যায়ৰ মেনেজমেণ্ট)।

খালী পদৰ সংখ্যা

কোম্পানী ছেক্ৰেটাৰী (মধ্যম পৰ্যায়ৰ মেনেজমেণ্ট)ৰ ১টা আৰু কোম্পানী ছেক্ৰেটাৰী (কনিষ্ঠ পৰ্যায়ৰ মেনেজমেণ্ট)-ৰ ২টা।

দৰমহা (বাৰ্ষিক)

কোম্পানী ছেক্ৰেটাৰী (মধ্যম পৰ্যায়ৰ মেনেজমেণ্ট)ৰ ১৫ লাখৰ পৰা ২০ লাখ টকা । কোম্পানী ছেক্ৰেটাৰী (কনিষ্ঠ পৰ্যায়ৰ মেনেজমেণ্ট)-ৰ ৮ লাখৰ পৰা ১০ লাখ টকা।

চাকৰিৰ স্থান

মুম্বাই, মহাৰাষ্ট্ৰ।

বয়সৰ সীমা

কোম্পানী ছেক্ৰেটাৰী (মধ্যম পৰ্যায়ৰ মেনেজমেণ্ট)ৰ ৩৫ৰ পৰা ৪৫ বছৰ আৰু কোম্পানী ছেক্ৰেটাৰী (কনিষ্ঠ পৰ্যায়ৰ মেনেজমেণ্ট)-ৰ ৩০ ৰ পৰা ৪০ বছৰ।

অন্তিম তাৰিখ

২৩ ডিচেম্বৰ, ২০২১।

ৱেবছাইট

licindia.in



শিক্ষাগত অৰ্হতা:

কোম্পানী ছেক্ৰেটাৰী (মধ্যম পৰ্যায়ৰ মেনেজমেণ্ট)ৰ বাবে প্ৰাৰ্থী স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে তালিকাভুক্ত কোম্পানীত কাম কৰাৰ ন্যূনতম ১০ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। অথবা কোনো তালিকাভুক্ত কোম্পানীৰ ছেক্ৰেটেৰিয়েল বিভাগত কাম কৰাৰ অন্ততঃ ৪ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

কোম্পানী ছেক্ৰেটাৰী (কনিষ্ঠ পৰ্যায়ৰ মেনেজমেণ্ট)-ৰ প্ৰাৰ্থী প্ৰাৰ্থী স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে তালিকাভুক্ত কোম্পানীৰ ছেক্ৰেটেৰিয়েল বিভাগত কাম কৰাৰ অন্ততঃ ১ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।


আবেদন জনোৱাৰ ক্ষেত্ৰত নিম্নোক্তখিনি লক্ষ্য কৰিব।

• প্ৰথমে অফিচিয়েল ৱেবচাইট licindia.in খোলক

• Recruitment or Careers অপচন চাওক।

• আবেদন কৰিব বিচৰা পদৰ অধিসূচনা আৰু অৰ্হতা সমূহ পৰ্যবেক্ষণ কৰক

• আবেদন পূৰণৰ পূৰ্বে অন্তিম তাৰিখ পৰ্যবেক্ষণ কৰক

• শুদ্ধ তথ্যৰে ২৩ ডিচেম্বৰ, ২০২১-ৰ ভিতৰত আবেদন পূৰণ কৰক



আৱেদন প্ৰক্ৰিয়া:

ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলে অনলাইন পদ্ধতিৰে এল আই চিৰ অফিচিয়েল ৱেবচাইট যোগে অন্তিম তাৰিখ ২৩ /১২/২০২১ৰ বিতৰত নিজৰ আবেদন পত্ৰ দাখিল কৰিব লাগিব।


আৰু চাব পাৰে :স্বাস্থ্য বিষয়া নিযুক্তিৰ বাবে মেঘালয়ৰ সেৱা সঞ্চালকালয়ৰ আবেদন আহ্বান


Next Story
চাকৰি