Begin typing your search above and press return to search.

মেঘালয়ৰ খাদ্য সংসাধন সঞ্চালকালয়ৰ কাৰিকৰী সহযোগী (লেভেল-৩) নিযুক্তি

মেঘালয়ৰ খাদ্য সংসাধন সঞ্চালকালয়ে কাৰিকৰী সহযোগী (লেভেল-৩) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

মেঘালয়ৰ খাদ্য সংসাধন সঞ্চালকালয়ৰ কাৰিকৰী সহযোগী (লেভেল-৩) নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Jan 2022 12:16 PM GMT


মেঘালয়ৰ খাদ্য সংসাধন সঞ্চালকালয়ৰ বিষয়েঃ

মেঘালয়ৰ অনুকূল জলবায়ুৰ বাবে বৃহত্ পৰিমাণৰ বৈচিত্ৰ্যপূৰ্ণ ফলমূল আৰু শাক-পাচলি উত্পাদন হয়। এনে ফলমূল সংসাধন কৰিব পাৰি আৰু ইয়ে কৃষকক অধিক লাভ আদায় দিয়ে। বৰ্তমানৰ অৱস্থা মূল্য সংযোজনৰ ক্ষেত্ৰত সিমান উপযোগী নহয়।

২০১৫-১৬-ৰ তথ্য অনুসৰি মেঘালয়ৰ মুঠ কৃষি অঞ্চলৰ ভূমি হৈছে ৩, ৪৩, ৪৩১ হেক্টৰ। ই হৈছে ৰাজ্যখনৰ মুঠ ভৌগোলিক অঞ্চলৰ মাথোঁ ১৫.২৭ শতাংশ ভূমিহে। ৰাজ্যখনৰ প্ৰতি হেক্টৰ কৃষি ভূমিত চাৰিটা প্ৰধান খেতি কৰা হয়। এই চাৰিটা প্ৰধান খেতি হৈছে আলু খেতি, মাটিকঁঠালৰ খেতি, সুমথিৰাৰ খেতি আৰু আদাৰ খেতি। তদুপৰি লাকাডং হালধিৰ বাবেও এখন সুন্দৰ বজাৰ আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ খাদ্য সংসাধন সঞ্চালকালয় প্ৰতিষ্ঠা কৰা হয়। ২০১৮-ৰ মে'ত মেঘালয় চৰকাৰে ৰাজ্যিক কৃষি বিভাগৰ অধীনত এটা নতুন খাদ্য সংসাধন সঞ্চালকালয় গঠন কৰে।

মেঘালয়ৰ খাদ্য সংসাধন সঞ্চালকালয়ৰ নিযুক্তি-২০২২ঃ

মেঘালয়ৰ খাদ্য সংসাধন সঞ্চালকালয়ে কাৰিকৰী সহযোগী (লেভেল-৩) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ


এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ বিষয়ে তথ্য পাবঃ


আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব পাৰে:


পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

কাৰিকৰী সহযোগী (লেভেল-৩)

পদৰ সংখ্যা

১১ টা।

দৰমহা

মাহিলী ২২ হেজাৰ টকা।

চাকৰিৰ স্থান

মেঘালয়।

বয়সৰ সীমা

মেঘালয় চৰকাৰৰ নিয়ম অনুসৰি।

আবেদন প্ৰক্ৰিয়া

অনলাইন।

আবেদনৰ মাচুল

তথ্য উপলব্ধ নহয়।

অন্তিম তাৰিখ

১৭ ফেব্ৰুৱাৰী, ২০২২।

চাকৰিৰ প্ৰকৃতি

স্থায়ী।


শিক্ষাগত অৰ্হতাঃ

প্ৰাৰ্থী ন্যূনতম ৫৫ শতাংশ নম্বৰসহ খাদ্য বিজ্ঞান আৰু প্ৰযুক্তি/খাদ্য অভিযন্ত্ৰণ/ খাদ্য চপোৱা প্ৰযুক্তিৰ স্নাতক ডিগ্ৰীধাৰী হব লাগিব।

আবেদনৰ নিয়মঃ প্ৰাৰ্থীসকলে https://dofpmeghalaya.org-ৰ পৰা আবেদন জনাব পাৰিব।

সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব।


আৰু চাব পাৰে : এইমছ ৰাইপুৰত কনিষ্ঠ গৱেষণা ফেলো (জে আৰ এফ)-ৰ প্ৰয়োজন

Next Story
চাকৰি