এন চি আৰ বিয়ে প্ৰধান কনিষ্টবল পদত নিযুক্তিৰ বাবে জাননী প্ৰকাশ কৰিছে। অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ ভিতৰত পোৱাকৈ আবেদন জনাব পাৰে ৷ এই বিষয়ে প্ৰাৰ্থীসকলে ncrb.gov.in-ত তথ্য চাব পাৰে ৷
NCRB নিযুক্তি ২০২২ঃ
এনচিআৰবিয়ে প্ৰধান কনিষ্টবল নিযুক্তিৰ বাবে শেহতীয়াকৈ জাননী প্ৰকাশ কৰিছে ৷ এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত পাবঃ
পদৰ নাম |
প্ৰধান কনিষ্টবল (গাড়ীচালক) |
খালী পদ |
০৪ টা |
বয়স |
৫৬ বছৰ |
চাকৰিৰ অৱস্থান |
নতুন দিল্লী |
অন্তিম তাৰিখ |
০৯-১১-২০২২ |
ৱেবছাইটঃ |
http://ncrb.gov.in/ |
অৰ্হতাঃ
প্ৰাৰ্থীসকলৰ লঘু বা গধুৰ বাহন চলোৱাৰ ন্যূনতম ৩ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।
আবেদনৰ নিয়মঃ
আগ্ৰহী তথা অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে ncrb.gov.in-ৰ পৰা আবেদন জনাব পাৰে ৷
প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ
সাক্ষাৎকাৰ ৷
NCRB-ৰ বিষয়েঃ
টেণ্ডন সমিতি, ৰাষ্ট্ৰীয় আৰক্ষী আয়োগ আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ টাস্ক ফ'ৰ্চৰ পৰামৰ্শাৱলীসমূহৰ ভিত্তিত তদন্তকাৰী সংস্থাসমূহক তদন্তত সহায় কৰাৰ বাবে ১৯৮৬-ত NCRB প্ৰতিষ্ঠা কৰা হয় ৷