Begin typing your search above and press return to search.

নেইগ্ৰিমছত বিভিন্ন শাখাৰ বিষয়া পদত নিযুক্তি

নেইগ্ৰিমছে গ্ৰু-এ বিষয়া পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

নেইগ্ৰিমছত বিভিন্ন শাখাৰ বিষয়া পদত নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Jan 2022 12:30 PM GMT

নেইগ্ৰিমছৰ বিষয়েঃ .

উত্তৰ-পূব ইন্দিৰা গান্ধী আঞ্চলিক স্বাস্থ্য আৰু চিকিত্সা বিজ্ঞান প্ৰতিষ্ঠান (NEIGRIHMS)- হৈছে এখন চিকিত্সা বিজ্ঞান প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠান পূবৰ স্কটলেণ্ড নামেৰে খ্যাত শ্বিলঙত অৱস্থিত। এই প্ৰতিষ্ঠানৰ বৰ্তমানৰ উন্নত পৰ্যায়ৰ হাস্পতাল শ্বিলঙৰ মাওডিয়াংডিয়াঙত অৱস্থিত। এই প্ৰতিষ্ঠান হৈছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনৰ এখন স্বতন্ত্ৰ প্ৰতিষ্ঠান। নেইগ্ৰিমছে ২০০৮-ত এম বি বি এছ পাঠ্যক্ৰমৰ শিক্ষা মুকলি কৰে। সেই সময়ত ইয়াৰ এম বি বি এছৰ ৫০ খন আসন আছিল।

পৰৱ্ৰতী সময়ত প্ৰতিষ্ঠানখনে এনাটমী, জেনেৰেল মেডিচিন, জেনেৰেল ছাৰ্জাৰী আৰু ৰেডিঅডায়গ্নছিচ আৰু ইমাজিঙৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ শিক্ষা মুকলি কৰে। তদুপৰি এই প্ৰতিষ্ঠানে কাৰ্ডিওলজীৰ ডি এম পাঠ্যক্ৰমৰ শিক্ষাও আগবঢ়ায়। ইয়াৰ উপৰি নেইগ্ৰিমছত এম এছ চি (নাৰ্ছিং, বাৰ্ষিক ৫০ কন আসনৰ)) আৰু বি এছ চি-নাৰ্ছিঙৰ শিক্ষা আগবঢ়োৱা হয়। ২০০৬-ৰ পৰা ইয়াৰ নাৰ্ছিং কলেজে শিক্ষা আগবঢ়াই আহিছে।

নেইগ্ৰিমছত নিযুক্তি ২০২২ঃ

নেইগ্ৰিমছে গ্ৰু-এ বিষয়া পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ


পদৰ বিৱৰণ, দৰমহাৰ স্কেল তলত দিয়া হৈছে:-


পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

দন্ত বিষয়া, পৰিসংখ্যা বিষয়া, মেডিকেল ফিজিচিষ্ট।

খালী পদ

০৩ টা। প্ৰতিটো পদৰ বিপৰীতে এটাকৈ।

বয়সৰ সীমা

দন্ত বিষয়াৰ ক্ষেত্ৰত সৰ্বোচ্চ ৪৫ বছৰ। পৰিসংখ্যা বিষয়াৰ ক্ষেত্ৰত সৰ্বোচ্চ ৩৫ বছৰ। মেডিকেল ফিজিচিষ্টৰ ক্ষেত্ৰত সৰ্বোচ্চ ৩৫ বছৰ।

দৰমহা

দন্ত বিষয়াৰ ক্ষেত্ৰত ৬৭,৭০০ টকা। পৰিসংখ্যা বিষয়াৰ ক্ষেত্ৰত ৫৬,১০০ টকা। মেডিকেল ফিজিচিষ্টৰ ক্ষেত্ৰত ৫৬,১০০ টকা।

আবেদনৰ অন্তিম তাৰিখ

১-০২-২০২২।

চাকৰিৰ প্ৰকৃতি

স্থায়ী


শিক্ষাগত অৰ্হতাঃ

দন্ত বিষয়াৰ ক্ষেত্ৰত স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা এম ডি এছৰ লেখীয়া ডিগ্ৰী।

ভাৰতীয় দন্ত চিকিত্সা পৰিষদত পঞ্জীয়ন থাকিবই লাগিব।

পৰিসংখ্যা বিষয়াঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা পৰিসংখ্যাৰ স্নাতকোত্তৰ ডিগ্ৰী। স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা কম্পিউটাৰ এপ্লিকেচনৰ ডিপ্লমা থাকিব লাগিব। পৰিসংখ্যাৰ ক্ষেত্ৰত ২-৩ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

মেডিকেল ফিজিচিষ্টঃ প্ৰাৰ্থীৰ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা মেডিকেল ফিজিক্সৰ এম এছ চি ডিগ্ৰী থাকিব লাগিব। অথবা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী।

আবেদনৰ নিয়মঃ আবেদন পত্ৰ Recruitment Cell, Establishment Section – II", North Eastern Indira Gandhi Regional Institute of Health and Medical Sciences, Mawdiangdiang, Shillong-793018-লৈ প্ৰেৰণ কৰিব পাৰিব।


প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া :

সাক্ষাৎকাৰৰ ওপৰত আধাৰিত হ'ব।


আৰু চাব পাৰে : ৰাষ্ট্ৰীয় বিত্তীয় তথ্য পৰিৱেশন কৰ্তৃপক্ষত কাৰ্যবাহী সঞ্চালক নিযুক্তি

Next Story
চাকৰি