Begin typing your search above and press return to search.

উত্তৰ-পূব ইন্দিৰা গান্ধী স্বাস্থ্য- চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত পদখালী

প্ৰকল্প গৱেষণা সহকাৰী আৰু প্ৰকল্প গৱেষণাগাৰ সহকাৰীৰ খালী পদত ঠিকাভিত্তিক নিযুক্তি

উত্তৰ-পূব ইন্দিৰা গান্ধী স্বাস্থ্য- চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Nov 2021 10:54 AM GMT

উত্তৰ-পূব ইন্দিৰা গান্ধী স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান আঞ্চলিক প্ৰতিষ্ঠান (NEIGRIHMS)অৱস্থিত মেঘালয়ৰ শ্বিলঙত। এই অনুষ্ঠানৰ স্থায়ীভাবে আৰম্ভণি হৈছিল মাৱদিয়ান্দিয়ান, শ্বিলং অঞ্চলত ২০০৭চনত। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, ভাৰতৰ অধীনত ১৯৮৭চনত স্থাপিত ই এক স্বায়ত্ত্ব শাসিত অনুষ্ঠান আৰু ইয়াক "চেণ্টাৰ অফ এক্সেলেন্স" হিচাপে পৰিগণিত কৰা হৈছিল ভাৰতীয় সংসদৰ দ্বাৰা।

উত্তৰ-পূব ইন্দিৰা গান্ধী স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান আঞ্চলিক অনুষ্ঠানত পদখালী :

উত্তৰ-পূৰ্বীয় ইন্দিৰা গান্ধী স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান আঞ্চলিক অনুষ্ঠানত, ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্ছ"ৰ দ্বাৰা অনুগ্ৰাহিত প্ৰকল্প "Study on persistence of high-risk HPV infection and its association with specific epigenetic markers and HLA-class-II gene polymorphism among adult females from Northeast India" নামৰ প্ৰকল্পৰ বাবে গিৰ্মিটিয়া ভাৱে প্ৰকল্প গৱেষণা সহকাৰী আৰু প্ৰকল্প গৱেষণাগাৰ সহকাৰীৰ খালী পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।


পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ বিৱৰণ

খালী পদৰ সংখ্যা

পদৰ নাম

প্ৰকল্প গৱেষণা সহকাৰী

প্ৰকল্প গৱেষণাগাৰ সহকাৰী

খালী পদৰ সংখ্যা

০১

০১

দৰমহা

৩১,০০০/- টকা, মাহিলি

১৮,০০০/- টকা, মাহিলি

বয়স

৩০বছৰ

৩০বছৰ

নিযুক্তিৰ স্থান

শ্বিলং, মেঘালয়

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ

১৬/১১/২০২১


শিক্ষাগত অৰ্হতা :


প্ৰকল্প গৱেষণা সহকাৰী

চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান বা প্ৰাসংগিক বিষয়ত গ্ৰেজুৱেট আৰু লগতে ৩বছৰীয়া কৰ্ম অভিজ্ঞতা

বা

স্বীকৃতি প্ৰাপ্ত অনুষ্ঠানৰ পৰা প্ৰাসংগিক বিষয়ত মাষ্টাৰ্চ ডিগ্ৰী।

প্ৰকল্প গৱেষণাগাৰ সহকাৰী

বিজ্ঞান বিষয়ত দ্বাদশ উত্তীৰ্ণ, মেডিকেল লেৱৰেটৰী টেকনিচিয়ান বিষয়ত ২বছৰীয়া ডিপ্লোমা বা পি এম দাব্লিউ বা

ৰেডিঅ'লজী বা ৰেডিঅ'গ্ৰাফী বা কোনো প্ৰাসংগিক বিষয়ত বা ১বছৰ ডি এম এল টি লগতে ১বছৰ স্বীকৃতি প্ৰাপ্ত অনুষ্ঠানত অভিজ্ঞতা বা ২বছৰ ক্ষেত্ৰ/ গৱেষণাগাৰ অভিজ্ঞতা বা চৰকাৰী স্বীকৃতি প্ৰাপ্ত অনুষ্ঠানত পশু চোৱাচিতা।

বি এছ চি ডিগ্ৰীক ৩বছৰীয়া অভিজ্ঞতা হিচাপে পৰিগণিত কৰা হ'ব।

আবেদন প্ৰক্ৰিয়া :

• বিজ্ঞাপন সহ প্ৰকাশ পোৱা আৱেদন পত্ৰ, প্ৰয়োজনীয় নথি পত্ৰ সহ উল্লেখিত ইমেইল লৈ প্ৰেৰণ কৰিব লাগিব।

ইমেইল : nalinisharma100@rediffmail.com

• আৱেদন দাখিলৰ অন্তিম তাৰিখ ১৬ নৱেম্বৰ ২০২১.

বাছনি প্ৰক্ৰিয়া: সাক্ষাৎকাৰ


আৰু চাব পাৰেঃ দক্ষিণ শালমাৰা মানকাচৰ জিলা উপায়ুক্ত কাৰ্যালয়ত পিয়ন-জাৰিকাৰকৰ পদ খালী

Next Story
চাকৰি