CARI গুৱাহাটীত শেহতীয়া পদখালী
০২ নতুন খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলক আৱেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে
CARI গুৱাহাটীৰ বিষয়ে জানক:
কেন্দ্ৰীয় আয়ুৰ্বেদিক গৱেষণা প্ৰতিষ্ঠানৰ আৰম্ভণি হৈছিল চন ১৯৭১ত। চন ১৯৭৯ত আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ৰূপে ইয়াক স্থাপন কৰোৱা হয়। ইয়াৰ আৰম্ভণি হৈছিল ঔষধি গছ আৰু ক্লিনিকেল গৱেষণাৰ এটি কেন্দ্ৰ ৰূপে। পৰবৰ্তী সময়ত চন ২০০৯ত এই সংস্থানৰ নাম সলনি কৰা হয় উত্তৰ পূব ভাৰত গৱেষণা প্ৰতিষ্ঠান লৈ। কিন্তু পাছলৈ পুনৰ ইয়াক নামাকৰণ কৰা হয় আঞ্চলিক আয়ুৰ্বেদিক গৱেষণা প্ৰতিষ্ঠান, লৈ। পাছলৈ এই অনুষ্ঠানৰ নাম সলনি কৰা হয় কেন্দ্ৰীয় আয়ুৰ্বেদিক গৱেষণা প্ৰতিষ্ঠান লৈ।
CARI গুৱাহাটীত পদখালী :
CARI গুৱাহাটীত শেহতীয়া ভাৱে ০২ নতুন খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলক আৱেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে। ইচ্ছুক প্ৰাৰ্থী সকলে অন্তিম তাৰিখৰ পূৰ্বে আৱেদন দাখিল কৰিব লাগিব।
পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
পদৰ নাম | খালী পদৰ সংখ্যা | দৰমহা | বয়স | শিক্ষাগত অৰ্হতা |
SRF (আয়ুৰ্বেদ) | ০১ | ৩৫,০০০/- টকা + HRA | অধিকতম ৩৫ বছৰ | চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা B.A.M.S. ডিগ্ৰী |
কণ্টেন্ত ৰাইটাৰ | ০১ | ৩৫,০০০/- টকা + HRA | অধিকতম ৫০ বছৰ | স্নাতক ডিগ্ৰী, কম্পিউটাৰ জ্ঞান আৰু ইংৰাজীত অৰ্হতা |
আৱেদন প্ৰক্ৰিয়া:
উল্লেখিত অৰ্হতা থকা প্ৰাৰ্থী সকলক অহা ২৬ নৱেম্বৰ ২০২১ তাৰিখে পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হ'ব লগীয়া সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। প্ৰাৰ্থী সকলে নিজৰ লগত নিজৰ আৱেদন পত্ৰ, প্ৰয়োজনীয় নথি পত্ৰৰ প্ৰতিলিপি তথা প্ৰকৃত ৰূপ আৰু পাছপৰ্ট ফটো জমা কৰাব লাগিব। ১০: ৩০ৰ পাছত আহি উপস্থিত হোৱা প্ৰাৰ্থী সকলক সাক্ষাৎকাৰৰ বাবে অনুমতি প্ৰদান কৰা নহ'ব।
আৰু পঢ়ক: MIT ইম্ফলত অতিথি অধ্যাপকৰ পদখালী