IACS নিযুক্তি ২০২১ : ০২ গৰাকী প্ৰকল্প সহায়কৰ পদখালী
ইচ্ছুক প্ৰাৰ্থী সকলক প্ৰকল্প সহকাৰীৰ খালী পদত নিযুক্তিৰ বাবে আৱেদন বিচাৰিছে

IACSৰ বিষয়ে জানক :
দ্য ইণ্ডিয়ান এচোছিয়েশ্যন ফৰ দ্য কাল্টিভেশ্যন অফ চায়েন্স,অধিনিয়ম XXI, ১৮৬০ আৰু ৰাজ্য পঞ্জীয়ন অধিনিয়ম ১৯৬১ ৰ অধীনত পঞ্জীভূত কৰা এটি বিশেষ সংস্থান। ইয়াৰ মুখ্য কাৰ্যালয় ২এ আৰু ২বি, ৰাজা এছ চি মল্লিক পথ, কলকাতা, ৭০০০৩২, ৱেষ্ট বেংগল, ভাৰতত অৱস্থিত। এই সংস্থান শাসন কৰে নিৰ্বাচিত বা মনোনীত কৰা সদস্য আৰু পঞ্জীয়কে।
দ্য ইণ্ডিয়ান এচোছিয়েশ্যন ফৰ দ্য কাল্টিভেশ্যন অফ চায়েন্সত পদখালী :
দ্য ইণ্ডিয়ান এচোছিয়েশ্যন ফৰ দ্য কাল্টিভেশ্যন অফ চায়েন্সত শেহতীয়া ভাৱে উপযুক্ত তথা ইচ্ছুক প্ৰাৰ্থী সকলক প্ৰকল্প সহকাৰীৰ খালী পদত নিযুক্তিৰ বাবে আৱেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থী সকলক অন্তিম তাৰিখৰ পূৰ্বে আৱেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল।
পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল :
পদৰ বিৱৰণ | প্ৰয়োজনীয় তথ্য |
পদৰ নাম | প্ৰকল্প সহকাৰী |
খালী পদ | ০২ |
বয়স | কোনো সীমাবদ্ধতা নাই |
দৰমহা | ৩৫,০০০ - ৪৭,০০০/- টকা, মাহিলী |
অৱস্থান | সমগ্ৰ ভাৰততে |
অন্তিম তাৰিখ | ৭ ডিচেম্বৰ ২০২১ |
ৱেবচাইট | iacs.res.in |
শিক্ষাগত অৰ্হতা:
• এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞান, সামগ্ৰী বিজ্ঞান, নেন' বিজ্ঞান, বা কোনো প্ৰাসংগিক বিষয়ত প্ৰাসংগিক গৱেষণা অভিজ্ঞতা সহ Ph. D ডিগ্ৰী উত্তীৰ্ণ হব লাগিব।
• যি সকল প্ৰাৰ্থীয়ে নিজৰ গৱেষণা গ্ৰন্থ জমা কৰিছে আৰু ফলফলৰ বাবে অপেক্ষাৰত তেওঁলোকে আৱেদন দাখিল কৰিব পাৰে। তেনে প্ৰাৰ্থী নিজৰ নীৰিক্ষকৰ পত্ৰ জমা কৰিব লাগিব। য'ত উল্লেখ থাকিব যে প্ৰাৰ্থীয়ে নিজৰ গৱেষণা গ্ৰন্থ জমা কৰিছে আৰু চূড়ান্ত মৌখিক পৰীক্ষা বৰ্তমান স্থগিত আছে।
• ২ডি সামগ্ৰীৰ বিকাশৰ অভিজ্ঞতা থকা, চি ভি ডি আৰু বৈদ্যুতিক পৰিবহণ পৰিমাপৰ আহিলা পাতিৰ সৈতে অভিজ্ঞতা থকা সকলক প্ৰাধান্য দিয়া হ'ব।
আৱেদন প্ৰক্ৰিয়া:
এই পদত আৱেদন দাখিল কৰিবলৈ প্ৰাৰ্থীয়ে নিজৰ আৱেদন পত্ৰ নিৰ্দ্ধাৰিত পাঠ্যৰ ৰূপত, সকলো প্ৰয়োজনীয় নথি পত্ৰ সহ উল্লেখিত ইমেইল যোগে অন্তিম তাৰিখ ০৭ ডিচেম্বৰ ২০২১ৰ পূৰ্বে প্ৰেৰণ কৰিব লাগিব।
ইমেইল : sspsdd@iacs.res.in
বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ
আৰু পঢ়ক: NISER নিযুক্তি ২০২১ : একাউণ্টচ বিভাগত ডেপুটি কণ্ট্ৰলাৰৰ পদখালী