Begin typing your search above and press return to search.

NISER নিযুক্তি ২০২১ : একাউণ্টচ বিভাগত ডেপুটি কণ্ট্ৰলাৰৰ পদখালী

ইচ্ছুক প্ৰাৰ্থী সকলক অন্তিম তাৰিখৰ পূৰ্বে আৱেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল

NISER নিযুক্তি ২০২১ : একাউণ্টচ বিভাগত ডেপুটি কণ্ট্ৰলাৰৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Nov 2021 8:25 AM GMT

এন আই এছ ই আৰৰ বিষয়ে জানক :

পৰমাণু শক্তি বিভাগ, ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা অনুষ্ঠান (NISER) ভুৱনেশ্বৰ, ভুৱনেশ্বৰ জিলাৰ খোদ্ৰা, জাত্নি অঞ্চলত স্থিত। এই অনুষ্ঠান ভাৰতীয় শিক্ষা বিভাগত এক ভিন্ন অনুষ্ঠান ৰূপে পৰিগণিত। এই অনুষ্ঠানত বিজ্ঞান বিভাগত গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষা প্ৰদান কৰাৰ লগতে আগশাৰীৰ গৱেষণাৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়।

ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা অনুষ্ঠানত পদখালী :

ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা অনুষ্ঠানত শেহতীয়া ভাৱে উপযুক্ত প্ৰাৰ্থী সকলক একাউণ্টচ বিভাগৰ অন্তৰ্গত ডেপুটি কণ্ট্ৰলাৰৰ খালী পদত নিযুক্তিৰ বাবে আৱেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থী সকলক অন্তিম তাৰিখৰ পূৰ্বে আৱেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল :

পদৰ নাম

প্ৰয়োজনীয় তথ্য

পদৰ নাম

ডেপুটি কণ্ট্ৰলাৰ

পদৰ সংখ্যা

০১

বয়স

৪৫বছৰ

দৰমহা

৬৭,৭০০ - ২,০৮,৭০০/- টকা, মাহিলী

অৱস্থান

সমগ্ৰ ভাৰততে

অন্তিম তাৰিখ

২০/১২/২০২১

আৱেদন প্ৰক্ৰিয়া

অনলাইন/ অফলাইন

আৱেদন মাছুল

অনুসূচিত জনজাতি/ জাতি, পি দাব্লিউ ডি, অৱসৰপ্ৰাপ্ত বিষয়া - নিল

বাকী সকলো প্ৰাৰ্থী - ৫০০/- টকা

মাছুল জমা কৰাৰ প্ৰক্ৰিয়া - অনলাইন

ৱেবচাইট

niser.ac.in


শিক্ষাগত অৰ্হতা:

• কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা CA/ ICWA/ পোষ্ট গ্ৰেজুৱেট (প্ৰাসংগিক বিষয়ত বিশেষ হিচাপে) উত্তীৰ্ণ, নূন্যতম নম্বৰ ৫৫%

• চৰকাৰী/ চৰকাৰী পুঁজি প্ৰাপ্ত সংস্থান/ পি এছ ইউ সমূহত ফাইনেন্স আৰু একাউণ্টচ বিভাগত ১০বছৰীয়া প্ৰাসংগিক অভিজ্ঞতা।

আৱেদন প্ৰক্ৰিয়া:

প্ৰাৰ্থী সকলে ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা অনুষ্ঠানৰ উল্লেখিত ৱেবচাইট যোগে নিজৰ আৱেদন দাখিল কৰিব লাগিব। এই আৱেদন দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ২১/১০/২০২১ তাৰিখৰ পৰা আৰু অন্তিম তাৰিখ হৈছে ২০ ডিচেম্বৰ ২০২১

বাছনি প্ৰক্ৰিয়া: সাক্ষাৎকাৰ


আৰু পঢ়ক: RLDA নিযুক্তি ২০২১ : সহকাৰী প্ৰকল্প অভিযন্তাৰ পদখালী


Next Story