Begin typing your search above and press return to search.

কামৰূপ মেট্ৰো জিলা ন্যায়পালিকাত নিযুক্তি, নৈশ চকিদাৰৰ পদখালী

ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল

কামৰূপ মেট্ৰো জিলা ন্যায়পালিকাত নিযুক্তি, নৈশ চকিদাৰৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Dec 2021 10:13 AM GMT

কামৰূপ মেট্ৰো জিলা ন্যায়পালিকাৰ বিষয়ে:

কামৰূপ জিলাৰ জিলা আৰু দায়ৰা আদালত স্থাপিত কৰা হৈছিল চন ১৯২০ত। এই ন্যায়ালয়ৰ সীমান্ত পূবে নগাওঁ আৰু পশ্চিমে ধুবুৰী জিলা লৈকে বিয়পি পৰিছে। স্বাধীনতাৰ পাছত মিষ্টাৰ আই ৰাচুল এই ন্যায়ালায়ৰ প্ৰথম গৰাকী ন্যায়াধীশ হিচাপে ঘোষিত হয়। বৰ্তমান সময়ত ইয়াৰ সীমান্ত কেৱল গুৱাহাটী জিলাতে সীমাবদ্ধ।

কামৰূপ মেট্ৰো জিলা ন্যায়পালিকাত চাকৰিৰ অধিসূচনা :

কামৰূপ মেট্ৰো জিলা ন্যায়পালিকাত, ইচ্ছুক প্ৰাৰ্থী সকলক ০২ গৰাকী নৈশ চকিদাৰৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

নৈশ চকিদাৰ

পদৰ সংখ্যা

০২

বয়স

নূন্যতম ১৮ আৰু অধিকতম ৪০বছৰ, ০১/১২/২০২১ৰ মতে

দৰমহা

১২,০০০/- - ৩৭,৫০০/- টকা মাহিলী, জি পি ৩,৯০০/- টকা

নিযুক্তিৰ স্থান

চান্দমাৰী, গুৱাহাটী

অন্তিম তাৰিখ

১৮/১২/২০২১


নৈশ চকিদাৰৰ খালী পদৰ বাবে অৰ্হতা :

এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী অষ্টম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। দ্বাদশ শ্ৰেণী উত্তীৰ্ণ বা তাতোতকৈ অধিক শিক্ষাপ্ৰাপ্ত সকল এই পদৰ বাবে উপযোগী নহয়।

আৱেদন প্ৰক্ৰিয়া:

এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী সকলে নিৰ্ধাৰিত আৱেদন, লগতে শিক্ষাগত মান পত্ৰ আৰু বয়সৰ পুষ্টিকৰণৰ বাবে জন্ম প্ৰমাণ পত্ৰ জমা কৰিব লাগিব। আৱেদন পত্ৰ সহ প্ৰাৰ্থী ৩ (তিনি) খন ৰঙীন পাছপৰ্ট ফটো সংলগ্ন কৰিব লাগিব।


আৰু পঢ়ক: মেঘালয় ITS নিযুক্তি ২০২১ : কম্পিউটাৰ কাৰিকৰৰ পদখালী


Next Story
চাকৰি