MNIT জয়পুৰত নিযুক্তি ২০২১ : জুনিয়ৰ ৰিচাৰ্ছ ফেল্ল'ৰ পদখালী
ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলক আৱেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে

MNIT জয়পুৰৰ বিষয়ে জানক:
ভাৰত চৰকাৰ আৰু ৰাজস্থান চৰকাৰৰ এক যুটীয়া অভিযান ৰুপে এই মহাবিদ্যালয়ৰ স্থাপনা কৰা হৈছিল ১৯৬৩চনত, মালৱীয় আঞ্চলিক অভিযান্ত্ৰিক মহাবদ্যালয় নামেৰে। জুন ২৬, ২০০২ চনত এই মহাবিদ্যালয়ক ৰাষ্ট্ৰীয় কাৰিকৰী অনুষ্ঠানৰ উপাধি প্ৰদান কৰা হয়, আৰু ১৫আগষ্ট ২০০৭ত ভাৰতীয় সংসদৰ দ্বাৰা ইয়াক ৰাষ্ট্ৰৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান ৰূপে পৰিগণিত কৰা হয়। এই অনুষ্ঠানত পুঁজি যোগান ধৰা হয় শিক্ষা মন্ত্ৰালয়, ভাৰত চৰকাৰৰ দ্বাৰা।বৰ্তমান সময় লৈকে প্ৰায় ১২, ০০০শিক্ষাৰ্থীয়ে এই অনুষ্ঠানৰ পৰা শিক্ষা লাভ কৰিছে।
মালৱীয় ৰাষ্ট্ৰীয় কাৰিকৰী অনুষ্ঠানত পদখালী:
মালৱীয় ৰাষ্ট্ৰীয় কাৰিকৰী অনুষ্ঠানত শেহতীয়া ভাৱে জুনিয়ৰ ৰিচাৰ্ছ ফেল্ল'ৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলক আৱেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে। ইচ্ছুক প্ৰাৰ্থী সকলে অন্তিম তাৰিখৰ পূৰ্বে আৱেদন দাখিল কৰিব লাগিব।
পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল:
পদৰ নাম | খালী পদ | দৰমহা | অৱস্থান | সময়সীমা | বাছনি প্ৰক্ৰিয়া | শিক্ষাগত অৰ্হতা |
জুনিয়ৰ ৰিচাৰ্ছ ফেল্ল' | ০১ | ৩১,০০০/- টকা, মাহিলী | জয়পুৰ | ১বছৰ | সাক্ষাৎকাৰ | মেকানিকেল অভিযান্ত্ৰিক বিভাগত BE/ B tech, kunu চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা মেকানিকেল অভিযান্ত্ৰিক বিভাগত ME/ M Tech |
শিক্ষাগত অৰ্হতাত নম্বৰৰ বিষয়ে:
• মেকানিকেল অভিযান্ত্ৰিক বিভাগ বা প্ৰাসংগিক বিষয়ত প্ৰথম বিভাগত নূন্যতম ৬০% বা ১০ পইন্টৰ হাৰত ৬.৫ CGPA সহ BE/ B Tech উত্তীৰ্ণ হ'ব লাগিব।
• মেকানিকেল অভিযান্ত্ৰিক বিভাগ বা প্ৰাসংগিক বিষয়ত প্ৰথম বিভাগত নূন্যতম ৬০% বা ১০ পইন্টৰ হাৰত ৬.৫ CGPA সহ ME/ M Tech উত্তীৰ্ণ হ'ব লাগিব।
উল্লেখিত নিয়মাৱলী অনুসৰণ কৰক:
• প্ৰথমে অফিচিয়েল ৱেবচাইট mnit.ac.in লৈ যাওক
• MNIT নিযুক্তি বা কেৰিয়াৰত আৱেদন কৰিব লগা পদ বিচাৰক
• জুনিয়ৰ ৰিচাৰ্ছ ফেল্ল'ৰ পদৰ বাবে উপলব্ধ আৱেদন ডাউনলোড কৰক
• আৱেদন পূৰণ কৰাৰ আগেয়ে আৱেদন দাখিলৰ অন্তিম তাৰিখ চেক কৰক
• ভুল নকৰাকৈ আৱেদন পূৰণ কৰক
• যদিহে কোনো ধৰণৰ আৱেদন মাছুল পৰিশোধ কৰিবলৈ উল্লেখ আছে তেন্তে সেইয়া পৰিশোধ কৰক আৰু নিজৰ আৱেদন পত্ৰ উল্লেখিত ঠিকনাত স্বাক্ষৰ যুক্ত প্ৰয়োজনীয় নথি পত্ৰ সংযোগ কৰক
• আৰু আৱেদন জমা কৰক
আৱেদন প্ৰক্ৰিয়া:
ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থী সকলে অফিচিয়েল ৱেবচাইট mnit.ac.in যোগে অন্তিম তাৰিখ ০৬ ডিচেম্বৰ ২০২১ৰ পূৰ্বে নিজৰ আৱেদন দাখিল কৰিব পৰিব।
গুৰুত্বপূৰ্ণ তাৰিখ সমূহ:
• আৱেদন দাখিলৰ আৰম্ভণি - ২২/১১/২০২১
• অন্তিম তাৰিখ : ০৬/১২/২০২১
আৰু পঢ়ক: আই আই এম চিত সহকাৰী অধ্যাপকৰ পদ খালী