TPSC নিযুক্তি ২০২১ : এল ডি সহকাৰী আৰু টাইপিষ্টৰ পদখালী

TPSC নিযুক্তি ২০২১ : এল ডি সহকাৰী আৰু টাইপিষ্টৰ পদখালী

এল ডি সহকাৰী আৰু টাইপিষ্টৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচাৰিছে

ত্ৰিপুৰা লোক সেৱা আয়োগৰ বিষয়ে:

লোক সেৱা আয়োগৰ আন্তঃ গাঠনি কৰা হৈছিল, ভাৰত চৰকাৰৰ অধীনিয়ম, ১৯১৯ চনৰ অধ্যায় ৯৬চি ৰ অধীনত। আৰু পৰবৰ্তী সময়ত চন ১৯২৩ এই লোক সেৱা আয়োগৰ বাবে বিভিন্ন নিয়ম আৰু চৰ্ত সমূহ নিৰ্ধাৰণ কৰিবৰ বাবে গঠন কৰা হৈছিল "লী কমিশ্যনৰ"। এই "লী কমিশ্যন"ৰ পৰামৰ্শ অনুসৰি ভাৰতত, কেন্দ্ৰ লোক সেৱা আয়োগ প্ৰথম বাৰৰ বাবে গঠন কৰা হৈছিল ১অক্টোবৰ ১৯২৬চনত। ভাৰতৰ সংবিধানৰ, অধ্যায় ৩১৫ৰ অধীনত ত্ৰিপুৰা লোক সেৱা আয়োগৰ গঠন কৰা হৈছিল ৩০অক্টোবৰ ১৯৭২চনত। শ্ৰী জি পি বাগচী আছিল ত্ৰিপুৰা লোক সেৱা আয়োগৰ প্ৰথম গৰাকী মুখ্য অধ্যক্ষ, আৰু চাৰ আই কে ৰয় আছিল প্ৰথম গৰাকী সদস্য। বৰ্তমান সময়ত এই আয়োগ স্থিত পুৰণি সভা গৃহ, ত্ৰিপুৰা, আখাউৰা পথ, আগৰতলা।

ত্ৰিপুৰা লোক সেৱা আয়োগত শেহতীয়া পদ খালী:

ত্ৰিপুৰা লোক সেৱা আয়োগত শেহতীয়াভাৱে এল ডি সহকাৰী আৰু টাইপিষ্টৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচাৰিছে। আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী সকলে অন্তিম তাৰিখৰ পূৰ্বে নিজৰ আৱেদন পত্ৰ দাখিল কৰিব লাগিব।

পদৰ সবিশেষ, দৰমহা আৰু অন্যান্য তথ্যৰ বিষয়ে তলত উল্লেখ কৰা হ'ল:

পদৰ নাম 

এল ডি সহকাৰী আৰু টাইপিষ্ট

পদৰ নাম 

৫০

অৱস্থান

ত্ৰিপুৰা

দৰমহা

 নিয়মাৱলী অনুসৰি

বয়স 

 ১৮ - ৪০বছৰ, ১৫/০১/২০২২ৰ মতে

বাছনি প্ৰক্ৰিয়া

লিখিত পৰীক্ষা/ টাইপ টেষ্ট

আৱেদন মাছুল

জেনেৰেল ২০০/- টকা

SC/ ST/ PH/ BPL ১৫০/- টকা

মাছুল পৰিশোধ প্ৰক্ৰিয়া - অনলাইন

অন্তিম তাৰিখ

অন্তিম তাৰিখ

ৱেবছাইট

tpsc.nic.in

শিক্ষাগত অৰ্হতা:

ত্ৰিপুৰা লোক সেৱা আয়োগৰ অধিসূচনা অনুসৰি এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব।

বয়সৰ ৰেহাই:

SC/ ST/ PH প্ৰাৰ্থী সকলৰ বাবে ৫বছৰৰ ৰেহাই

তলত উল্লেখিত নিয়মাৱলী অনুসৰণ কৰক:

• ত্ৰিপুৰা লোক সেৱা আয়োগৰ অফিচিয়েল ৱেবচাইট tpsc.nic.in লৈ যাওক

• TPSC নিযুক্তি বা কেৰিয়াৰ যোগে আৱেদন কৰিব বিচৰা পদ বাছনি কৰক

• আৱেদন পূৰণ কৰাৰ পূৰ্বে অন্তিম তাৰিখ পৰ্যবেক্ষণ কৰক

• উপযুক্ত প্ৰাৰ্থী সকলে শুদ্ধ তথ্যৰে আৱেদন পূৰণ কৰক

• আৱেদন মাছুল পৰিশোধ কৰি, আৱেদন জমা কৰক আৰু ভৱিষ্যতৰ প্ৰয়োজন অনুসৰি আৱেদন সংখ্যা মনত ৰাখক

আৱেদন প্ৰক্ৰিয়া:

এই পদত আৱেদন দাখিল কৰিবলৈ যাওক প্ৰাৰ্থী সকলে ত্ৰিপুৰা লোক সেৱা আয়োগৰ উল্লেখিত অফিচিয়েল ৱেবচাইট যোগে ৭/১২/২০২১ তাৰিখৰ পৰা ১৫/০১/২০২১তাৰিখৰ ভিতৰত নিজৰ আৱেদন পত্ৰি দাখিল কৰিব পাৰিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com