Begin typing your search above and press return to search.

উত্তৰ-পূব সীমান্ত ৰেলৱেত চিকিত্সকৰ পদ খালী

উত্তৰ-পূব সীমান্ত ৰেলৱেই গুৱাহাটীৰ মালিগাঁৱৰ কেন্দ্ৰীয় হাস্পতালৰ অধীনত চিকিত্সক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

উত্তৰ-পূব সীমান্ত ৰেলৱেত চিকিত্সকৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Jan 2022 8:59 AM GMT

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ বিষয়েঃ

উত্তৰ-পূব সীমান্ত ৰেলৱে হৈছে ভাৰতীয় ৰেলৱেৰ ১৮ টা মণ্ডলৰ অন্যতম এটা মণ্ডল। ইংৰাজীত ইয়াক চমুকৈ NFR- বুলি কোৱা হয়। উত্তৰ-পূব সীমান্ত ৰেলেৱৰ কাম হৈছে উত্তৰ-পূবৰ লগতে বিহাৰ আৰু পশ্চিমবংগৰ এটা অংশক সামৰি ৰেলপথৰ সম্প্ৰসাৰণ ঘটোৱা আৰু তদাৰক কৰা। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ মালিগঁৱত অৱস্থিত।

উত্তৰ-পূব সীমান্ত ৰেলৱেই গুৱাহাটীৰ মালিগাঁৱৰ কেন্দ্ৰীয় হাস্পতালৰ অধীনত চিকিত্সক (Contract Medical Practitioners (CMP) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছ্যুক প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ পূৰ্বে আবেদন জনাব পাৰে।

উত্তৰ-পূব সীমান্ত ৰেলৱেত নিযুক্তি ২০২২ঃ


উত্তৰ-পূব সীমান্ত ৰেলৱেই গুৱাহাটীৰ মালিগাঁৱৰ কেন্দ্ৰীয় হাস্পতালৰ অধীনত চিকিত্সক (Contract Medical Practitioners (CMP) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ


আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব পাৰে:


পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

চিকিত্সক (Contract Medical Practitioners (CMP)।

খালী পদ

৩ টা। স্পেচিয়েলাইজেচন অনুসৰি খালী পদঃ অবষ্টেট্ৰিকচ আৰু গাইনোকলজিষ্টঃ ১টা। পেডিয়াট্ৰিকচঃ ১ টা।

অফথামোলজিষ্টঃ ১টা।

দৰমহা

প্ৰথম বছৰ মাহিলী ৯৫,০০০টকা। দ্বিতীয় বছৰৰ পৰা ১, ০৫, ০০০ টকা।

চাকৰিৰ স্থান

মালিগাঁও, গুৱাহাটী।

আবেদন মাচুল

তথ্য় উপলব্ধ নহয়।

বয়সৰ সীমা

০১-০১-২০২২-ত সৰ্বোচ্চ ৫৩ বছৰ। অৱশ্যে এছ চি-এছ টি আৰু ও বি চি প্ৰাৰ্থীয়ে চৰকাৰী নিয়ম অনুসৰি বয়স ৰেহাই পাব (খ) অৱসৰপ্ৰাপ্ত ৰেলৱে চিকিত্সক, চৰকাৰী অৱসৰপ্ৰাপ্ত চিকিত্সকৰ ক্ষেত্ৰত ০১-০১-২০২২-ত সৰ্বোচ্চ ৬৫ বছৰ।

অন্তিম তাৰিখ

১৭ জানুৱাৰী ২০২২

চাকৰিৰ প্ৰকৃতি

ঠিকাভিত্তিক।


শিক্ষাগত অৰ্হতাঃ

ন্যূনতম এম বি বি এছসহ সংশ্লিষ্ট স্পেচিয়েলাইজেচনত স্নাতকোত্তৰ ডিগ্ৰী / ডিপ্লমা থাকিব পাৰে। তদুপৰি প্ৰাৰ্থীয়ে ভাৰতীয় চিকিত্সা পৰিষদ(MCI) স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা শিক্ষা গ্ৰহণ কৰা হব লাগিব। ৰাজ্যিক অথবা ভাৰতৰ চিকিত্সা পৰিষদত পঞ্জীয়ন থাকিব লাগিব।


আবেদন কৰাৰ পদক্ষেপ :

নিৰ্ধাৰিত প্ৰ-পত্ৰত আবেদন অহা ১৭ জানুৱাৰী, ২০২২-ৰ ভিতৰত পোৱাকৈ cmpnfr@gmail.com-লৈ প্ৰেৰণ কৰিব লাগিব।



আৰু চাব পাৰে : SAMEER-প্ৰতিষ্ঠানত বিভিন্ন পদত নিযুক্তি

Next Story
চাকৰি