Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম(NHM)ৰ ষ্টাফ নাৰ্ছৰ ৩৮৭ টা পদত নিযুক্তি

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম(NHM)ৰ ষ্টাফ নাৰ্ছৰ ৩৮৭ টা পদত নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Dec 2021 10:20 AM GMT

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন ((NHM)-ৰ বিষয়ে

২০১৩-ত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় গ্ৰাম্য় স্বাস্থ্য় মিছন আৰু ৰাষ্ট্ৰীয় নগৰ স্বাস্থ্য মিছনক সামৰি ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন মুকলি কৰে। পৰৱৰ্তী সময়ত ইয়াৰ ম্যাদ ২০১৮ লৈ আৰু তাৰ পাছত ২০২০লৈ বৃদ্ধি কৰা হয়। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনক মিচন সঞ্চালক নেতৃত্ব দিয়ে আৰু ইয়াৰ কাম-কাজ ভাৰত চৰকাৰে নিযুক্তি দিয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিৰীক্ষকে নিৰীক্ষণ কৰে। স্বাস্থ্য ভালদৰে উপলব্ধ নোহোৱা অঞ্চলসমূহত এন এইচ এমে কাম কৰে। ২০০৫ত তদানীন্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙে ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান মুকলি কৰে। ২০১৩ত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় নগৰ স্বাস্থ্য অভিযান মুকলি কৰে।


ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে(NHM) ষ্টাফ নাৰ্ছৰ ৩৮৭ টা পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আবেদন গ্ৰহণৰ শেষ তাৰিখৰ পূৰ্বে ইচ্ছ্যুক প্ৰাৰ্থীসকলে আবেদন জনাব পাৰে।

এই পদৰ সবিশেষ, প্ৰাৰ্থীৰ অৰ্হতা, বয়স আদিৰ তথ্য তলত উল্লেখ কৰা হলঃ

পদৰ নাম

ষ্টাফ নাৰ্ছ

খালী পদ

৩৮৭ টা।

বয়সৰ সীমা

উল্লেখ নাই।

দৰমহা

মাহিলী ১৮ হেজাৰ টকা।

চাকৰিৰ স্থান

অসম।

অন্তিম তাৰিখ

১৬ ডিচেম্বৰ, ২০২১

আবেদন মাচুল

তথ্য উপলব্ধ নহয়।

চাকৰিৰ প্ৰকৃতি

ঠিকাভিত্তিক।

শিক্ষাগত অৰ্হতা:

ভাৰতীয় নাৰ্ছিং পৰিষদৰ স্বীকৃতিপ্ৰাপ্ত আৰু অসম মিডৱাইভছ আৰু স্বাস্থ্য দৰশনকাৰী পৰিযদত পঞ্জীয়নকৃত প্ৰতিষ্ঠানৰ পৰা বি এছ চি নাৰ্ছিং বা জি এন এম হব লাগিব। :

কেনেদৰে আবেদন জনাব পাৰেঃ :

NHM, অসমৰ website: https://nhm.assam.gov.in-ৰ জৰিয়তে ১৬/১২/২০২১ লৈকে আবেদন জনাব পাৰে।

সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব।


আৰু পঢ়ক:NIEPMD নিযুক্তি ২০২১ : পৰামৰ্শদাতাৰ পদ খালী


Next Story
চাকৰি