Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (NHM) নগালেণ্ডত পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (NHM) নগালেণ্ডত পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Sep 2021 6:31 AM GMT

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, নগালেণ্ডৰ অধীনত ৩৭গৰাকী মহিলা স্বাস্থ্য কৰ্মীৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : মহিলা স্বাস্থ্য কৰ্মী (ANM)

খালী পদৰ সংখ্যা : ৩৭

দৰমহা : ১৮,০০০টকা ( মাহিলী) ।

নিযুক্তিৰ স্থান : নগালেণ্ড ।

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ১৫/০৯/২০২১

পদৰ ধৰণ : স্থায়ী

শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো INC অধিনিয়মৰ অধীনত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠানৰ পৰা ANM ডিপ্লোমা কৰা হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

• সকলো ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ NHM ৰ অফিচিয়েল ৱেবচাইটৰ পৰা সংগ্ৰহ কৰিব পাৰিব।

ৱেবচাইট : www.nhmnagaland.in

• আবেদন পত্ৰৰ লগতে, প্ৰয়োজনীয় নথি পত্ৰ, অহা ১৫ ছেপ্টেম্বৰ ২০২১ তাৰিখৰ আগতে উল্লেখিত মেইললৈ প্ৰেৰণ কৰিব লাগিব।

মেইল: hr.nhmnlg@gmail.com

• আগতে আবেদন দাখিল কৰা নাৰ্ছসকলে পুনৰ উল্লিখিত নিয়ম মানি আবেদন পত্ৰ দাখিল কৰিব লাগিব।

• বাছনি কৰা প্ৰাৰ্থীসকলৰ নাম আৰু ক্ৰমিক সংখ্যা, তাৰিখ আৰু সাক্ষাৎকাৰৰ প্ৰক্ৰিয়া ২০ ছেপ্টেম্বৰ ২০২১ তাৰিখে, অফিচিয়েল ৱেবচাইটত প্ৰকাশ কৰা হ'ব।

• পদ সম্বন্ধীয় কোনো প্ৰশ্ন থাকিলে সকলো কৰ্ম-দিনত পুৱা ১১বজাৰ পৰা বিয়লি ৩বজাৰ ভিতৰত উল্লেখিত নম্বৰলৈ ফোন কৰিব পাৰে।

ফোন : +৯১৩৭০২২৭০৫৬৫ ।

আৰু চাব পাৰেঃ গুৱাহাটী উচ্চ ন্যায়ালয়ত আইনী ক্লাৰ্কৰ পদখালী

Next Story
চাকৰি