ৰাষ্ট্ৰীয় স্বাস্থ্য ব্যৱস্থা সম্পদ কেন্দ্ৰত কাৰিকৰী বিষয়া নিযুক্তি

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
ৰাষ্ট্ৰীয় স্বাস্থ্য ব্যৱস্থা সম্পদ কেন্দ্ৰত কাৰিকৰী বিষয়া নিযুক্তি

ৰাষ্ট্ৰীয় স্বাস্থ্য ব্যৱস্থা সম্পদ কেন্দ্ৰ(NHSRC)ৰ বিষয়েঃ

কাৰিকৰী সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্য ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান(NRHM)-ৰ অধীনত ৰাষ্ট্ৰীয় স্বাস্থ্য ব্যৱস্থা সম্পদ কেন্দ্ৰ স্থাপন কৰা হয়। ই হৈছে এন আৰ এইচ এমৰ কাৰিকৰী সহযোগিতা আগবঢ়োৱা সৰ্বোচ্চ কৰ্তৃপক্ষ। ২০০৬-ত স্থাপিত এই কেন্দ্ৰই বিভিন্ন ৰাজ্যক কাৰিকৰী সহযোগিতা আগবঢ়াব লাগে। লগতে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল মন্ত্ৰালয়ক কাৰিকৰী সহযোগিতা আগবঢ়াব লাগে। কেন্দ্ৰ, ৰাজ্য, জিলা আৰু মহকুমা পৰ্যায়ত স্বাস্থ্য শাসন ব্যৱস্থাৰ সংস্কাৰ সাধন, স্বাস্থ্য ব্যৱস্থাৰ উন্নতিসাধন হৈছে এই কেন্দ্ৰৰ মূল লক্ষ্য।

ৰাষ্ট্ৰীয় স্বাস্থ্য ব্যৱস্থা সম্পদ কেন্দ্ৰ ২৩ গৰাকী সদস্যৰে গঠিত। কেন্দ্ৰীয় স্বাস্থ্য় আৰু পৰিকল্যাণ মন্ত্ৰালয়ৰ সচিব এই কেন্দ্ৰ অধ্যক্ষ। এই ২৩ সদস্যৰ ১৪ গৰাকী পদেন সদস্য। ইয়াৰে চাৰিগৰাকী সদস্য ৰাজ্যসমূহৰ পৰা বাছনি কৰা হয়। ৰাষ্ট্ৰীয় স্বাস্থ্য ব্যৱস্থা সম্পদ কেন্দ্ৰৰ কাৰ্যবাহী সঞ্চালক হৈছে ইায়ৰ গভৰ্ণিং বডী আৰু কাৰ্যবাহী সমিতিৰ সদস্য সচিব। ৰাষ্ট্ৰীয় স্বাস্থ্য ব্যৱস্থা সম্পদ কেন্দ্ৰৰ বাৰ্ষিক সভাই ইয়াৰ কাৰ্যসূচী আৰু বাজেটত অনুমোদন জনায়।

ৰাষ্ট্ৰীয় স্বাস্থ্য ব্যৱস্থা সম্পদ কেন্দ্ৰ সাতটা শাখা ক্ৰমে সামূহিক প্ৰক্ৰিয়া, স্বাস্থ্য ব্যৱস্থাত পুঁজিকৰণ, স্বাস্থ্য প্ৰযুক্তি, স্বাস্থ্য খণ্ডৰ বাবে মানৱ সম্পদ, জন স্বাস্থ্য প্ৰশাসন, জ্ঞান ব্যৱস্থাপনা প্ৰশাসন, স্বাস্থ্য ব্যৱস্থাত মান নিয়ন্ত্ৰণ আদিৰে গঠিত। উত্তৰ-পূবত ৰাষ্ট্ৰীয় স্বাস্থ্য ব্যৱস্থা সম্পদ কেন্দ্ৰ এটা আঞ্চলিক কাৰ্যালয় আছে। ইয়ে বিভিন্ন কাৰ্য সম্পাদন কৰে।

ৰাষ্ট্ৰীয় স্বাস্থ্য ব্যৱস্থা সম্পদ কেন্দ্ৰৰ নিযুক্তিঃ

ৰাষ্ট্ৰীয় স্বাস্থ্য ব্যৱস্থা সম্পদ কেন্দ্ৰই কাৰিকৰী বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ  

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ বিৱৰণ 

প্ৰয়োজনীয় তথ্য

পদৰ নাম 

কাৰিকৰী বিষয়া

খালী পদৰ সংখ্যা 

উল্লেখ নাই। 

দৰমহা

মাহিলী ৯০ হেজাৰ টকাৰ পৰা ১ লাখ ৩০ হেজাৰ টকা। 

বয়সৰ সীমা

 সৰ্বোচ্চ ৬৫ বছৰ। 

বাছনি প্ৰক্ৰিয়া 

 সাক্ষাৎকাৰ

নিযুক্তিৰ স্থান 

দিল্লী- নতুন দিল্লী।  

ৱেবছাইট

nhsrcindia.org

আবেদনৰ অন্তিম তাৰিখ 

৩ জানুৱাৰী, ২০২২। 

অৰ্হতাঃ 

পদৰ নাম

অভিজ্ঞতা

প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত  ৰাজহুৱা স্বাস্থ্য / হাস্পতাল প্ৰশাসনৰ স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লগিব। এপিডেমোলজী/পৰিসংখ্যা/ সামূহিক স্বাস্থ্যত পি এইচ ডি হব লাগিব। 

সংশ্লিষ্ট ক্ষেত্ৰত বিশেষকৈ প্ৰাৰ্থীৰ ন্যূনতম ৫ বছৰৰ গৱেষণা কৰ্মৰ অভিজ্ঞতা থাকিব লাগিব। 

আবেদনৰ অন্তিম তাৰিখ

৩ জানুৱাৰী, ২০২২। 

বয়সৰ সীমা

সৰ্বোচ্চ ৬৫ বছৰ। 

বাছনি প্ৰক্ৰিয়া 

 সাক্ষাৎকাৰ

আবেদনৰ প্ৰক্ৰিয়াঃ 

তলৰ নিয়মাৱলী অনুসৰণ কৰক :

• অফিচিয়েল ৱেবচাইট nhsrcindia.org চাওক। 

•  কেৰিয়াৰ বা নিযুক্তি অপচনত আবেদন কৰিব বিচৰা পদ বাছনি কৰক

• আবেদন কৰিব বিচৰা পদৰ অৰ্হতা সমূহ চাওক

• অধিসূচনা লিংকৰ পৰা নিজৰ আবেদন পত্ৰ সংগ্ৰহ কৰক

• শুদ্ধভাবে আবেদনপত্ৰ পূৰণ কৰক

• আবেদন মাছুল পৰিশোধ কৰক (যদিহে আছে), আৰু অন্তিম তাৰিখ ৩ জানুৱাৰীৰ পূৰ্বে স্বাক্ষৰ যুক্ত প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে নিজৰ আবেদন পত্ৰ প্ৰেৰণ কৰক

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com