ৰাষ্ট্ৰীয় চাউল গৱেষণা প্ৰতিষ্ঠান ((NRRI)-ত যুৱ পেচাদাৰীৰ পদ খালী

ৰাষ্ট্ৰীয় চাউল গৱেষণা প্ৰতিষ্ঠানে যুৱ পেচাদাৰী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাব
ৰাষ্ট্ৰীয় চাউল গৱেষণা প্ৰতিষ্ঠান ((NRRI)-ত যুৱ পেচাদাৰীৰ পদ খালী

ৰাষ্ট্ৰীয় চাউল গৱেষণা প্ৰতিষ্ঠান ((NRRI)-ৰ বিষয়েঃ 

প্ৰাক-স্বাধীন কালত ১৯৪২-ত বংগ প্ৰদেশত দেখা দিয়া চাউলৰ এবিধ গুৰুতৰ ৰোগে চাউলৰ তীব্ৰ নাটনিৰ সৃষ্টি কৰে। ইয়াকে ধৰি ব্ৰিটিছ প্ৰশাসনৰ ব্যৰ্থতাৰ বাবে তেতিয়া প্ৰচণ্ড দুৰ্ভিক্ষৰ সৃষ্টি হয়।  সেয়ে এনে পৰিস্থিতি দেশত পুনৰ উদ্ভৱ নহবৰ বাবে ১৯৪৪ত ভাৰত চৰকাৰে চাউলৰ বিভিন্ন দিশক লৈ গৱেষণাৰ প্ৰক্ৰিয়া বৃদ্ধিৰ লক্ষ্য লয়। ইযাৰ পৰৱৰ্তী বছৰত চৰকাৰে এক কেন্দ্ৰীয় চাউল গৱেষণা প্ৰতিষ্ঠান স্থাপনৰ লক্ষ্য লয়। অৱশেষত ১৯৪৬-ৰ ২৩ এপ্ৰিলত ওড়িছাৰ কটকৰ বিদ্যাপুৰত এক কেন্দ্ৰীয় চাউল গৱেণা প্ৰতিষ্ঠান স্থাপন কৰা হয়। আৰম্ভণিতে ইয়াৰ বাবে ওড়িছা চৰকাৰে ৬০ একৰ ভূমি দিয়ে। 

এই প্ৰতিষ্ঠানৰ প্ৰথম সঞ্চালক আছিল ডঃ কে ৰামায়া। তেওঁ প্ৰখ্যাত চাউলবিদ আছিল। পৰৱৰ্তী সময়ত ১৯৬৬-ত এই প্ৰতিষ্ঠানৰ প্ৰশাসনিক দায়িত্ব ভাৰতীয় কৃষি গৱেষণা পৰিষদ( আই চি এ আৰ)-লৈ হস্তান্তৰ কৰা হয়। ২০১৫-ত এই প্ৰতিষ্ঠানৰ নাম আই চি এ আৰ- ৰাষ্ট্ৰীয় কৃষি গৱেষণা প্ৰতিষ্ঠান কৰা হয়।

এই প্ৰতিষ্ঠানৰ তিনিটা গৱেষণা কেন্দ্ৰ বা আস্থান আছে। এই কেন্দ্ৰ তিনিটাৰ এটা ঝাৰখণ্ডৰ হাজাৰিবাগত, এটা অসমৰ গেৰুৱাত আৰু আনটো অন্ধ্ৰ প্ৰদেশৰ নাইৰাত।  তদুপৰি এঅ প্ৰতিষ্ঠানৰ অধীনত দুটা কৃষি বিজ্ঞান কেন্দ্ৰয়ো কাম কৰে। .এই কেন্দ্ৰ দুটা ওড়িচাৰ সন্তুপুৰত আৰু ঝাৰখণ্ডৰ জয়নগৰত আছে। 

ৰাষ্ট্ৰীয় চাউল গৱেষণা প্ৰতিষ্ঠান ((NRRI)-ত পদ খালীঃ 

ৰাষ্ট্ৰীয় চাউল গৱেষণা প্ৰতিষ্ঠানে যুৱ পেচাদাৰী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাব

পদৰ সবিশেষ তথ্য তলত উল্লেখ কৰা হৈছে।

পদৰ নাম

যুৱ পেচাদাৰী-২। 

খালী পদ 

০১ টা। 

বয়স 

০১-০১-২০২১ত ২১-ৰ পৰা ৪৫ বছৰ। 

দৰমহা 

মাহিলী ৩৫ হেজাৰ টকা। 

চাকৰিৰ স্থান

কটক (ওড়িছা)। 

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া

মৌখিক সাক্ষাতকাৰ। 

ৱেবছাইট

icar-nrri.in

সাক্ষাতকাৰৰ তাৰিখঃ ৩১ ডিচেম্বৰ, ২০২২।  আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২২ ডিচেম্বৰ, ২০২১। 

শিক্ষাগত অৰ্হতা :

প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত ছয়েল ছায়েন্স/  এগ্ৰোনমি/ উদ্ভিদ বিজ্ঞান/ মাইক্ৰোবায়োলজী/ পৰিৱেশ বিজ্ঞানৰ এম এছ চি হব লাগিব। 

আবেদন প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন জনোৱাৰ পূৰ্বে অফিচিয়েল ৱেবছাইট icar-nrri.in-চাব।

তাৰ পাছতে  CDAC Recruitment or Careers অপচনত আপুনি আবেদন জনাবলৈ লোৱা পদটো চাব।  t

সম্পূৰ্ণৰূপে স্পষ্টকৈ নিযুক্তি নিয়মাৱলী পঢ়িব। 

কোনো ধৰণৰ ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰিব। 

ইচ্ছ্যুক প্ৰাৰ্থীসকলে অহা ২২ ডিচেম্বৰৰ ভিতৰত staffrecruitment.eap@gmail.com-লৈ আবেদন প্ৰেৰণ কৰিব পাৰে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com