অইল ইণ্ডিয়া লিমিটেডত অভিযন্তা-টেকনিচিয়ান নিযুক্তি

ইয়াৰ সবিশেষ তথ্য তলত উল্লেখ কৰা হৈছে।
অইল ইণ্ডিয়া লিমিটেডত অভিযন্তা-টেকনিচিয়ান নিযুক্তি
Published on

অইল ইণ্ডিয়া লিমিটেডে নিম্নোক্ত কনিষ্ঠ অভিযন্তা আৰু টেকনিচিয়ান পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। 

পদসমূহঃ

সহকাৰী টেকনিচিয়ান

খালী পদৰ সংখ্যাঃ ৩৪ টা।

শিক্ষাগত অৰ্হতাঃ দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ লগতে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত আই টি আইৰ পৰা দুবছৰীয়া ইলেক্ট্ৰিচিয়ানৰ চাৰ্টিফিকেচ থকা হব লাগিব। তদুপৰি অসম চৰকাৰৰ Electrical Licensing Board-এ প্ৰদান কৰা ৱৰ্কমেন পাৰ্মিট থাকিব লাগিব।

বয়সৰ সীমাঃ ১৮ ৰ পৰা ৩০ বছৰ । অৱশ্যে এছ চি /এছ টি প্ৰাৰ্থীয়ে ০৫ বছৰ আৰু অ বি চি প্ৰাৰ্থীয়ে তিনি বছৰ বয়স ৰেহাই পাব।

দৰমহাঃ ২৬ হেজাৰ টকাৰ পৰা ৯০ হেজাৰ টকা।

কনিষ্ঠ অভিযন্তা

খালী পদৰ সংখ্যাঃ ২৮ টা ।

শিক্ষাগত অৰ্হতাঃ দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ লগতে তিনি বছৰীয়া বৈদ্যুতিক অভিযান্ত্ৰিকৰ ডিপ্লমা থাকিব লাগিব। Computer Application-ৰ ছমহীয়া ডিপ্লোমা থাকিবই লাগিব। তদুপৰি অসম চৰকাৰৰ Electrical Licensing Board-এ প্ৰদান কৰা ৱৰ্কমেন পাৰ্মিট থাকিব লাগিব।

বয়সৰ সীমাঃ ১৮ ৰ পৰা ৩০ বছৰ । অৱশ্যে এছ চি /এছ টি প্ৰাৰ্থীয়ে ০৫ বছৰ আৰু অ বি চি প্ৰাৰ্থীয়ে তিনি বছৰ বয়স ৰেহাই পাব।

দৰমহাঃ ৩২ হেজাৰ টকাৰ পৰা ১,২৭,০০০ হেজাৰ টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২১/০৯/২০২১।

Websiteঃ oil-india.com

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com