Begin typing your search above and press return to search.

আই পি আৰ নিযুক্তি ২০২২ - প্ৰকল্প চিকিৎসা বিষয়াৰ পদ খালী

আই পি আৰত শেহতীয়া ভাৱে প্ৰকল্প চিকিৎসা বিষয়াৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।

আই পি আৰ নিযুক্তি ২০২২ - প্ৰকল্প চিকিৎসা বিষয়াৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Jan 2022 12:51 PM GMT

আই পি আৰৰ বিষয়ে :

প্লাজমা গৱেষণা প্ৰতিষ্ঠানৰ হৈছে ভাৰত চৰকাৰৰ, পৰমাণু শক্তি বিভাগ কৰ্তৃপক্ষ দ্বাৰা পৰিচালিত এক স্বায়ত্ত্ব শাসিত গৱেষণা আৰু উন্নয়ন প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠান অবোঠিত ভাৰতৰ, গুজৰাট ৰাজ্যৰ সবৰমতী নদীৰ পাৰত। এই প্ৰতিষ্ঠানটো প্লাজমা বিজ্ঞানৰ তাত্ত্বিক আৰু পৰীক্ষামূলক অধ্যয়নৰ সৈতে মুখ্যতঃ জড়িত ইয়াৰ লগত প্ৰাথমিক প্লাজমা পদাৰ্থ বিজ্ঞান চুম্বকীয়ভাৱে আৱদ্ধ গৰম প্লাজমা আৰু ঔদ্যোগিক প্ৰয়োগৰ বাবে প্লাজমা প্ৰযুক্তি অন্তৰ্ভুক্ত।

আই পি আৰ নিযুক্তি ২০২২ -

আই পি আৰত শেহতীয়া ভাৱে প্ৰকল্প চিকিৎসা বিষয়াৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

প্ৰকল্প চিকিৎসা বিষয়া

খালী পদ

০২

বয়স

অধিকতম বয়স ৪০ বছৰ

অৱস্থান

গান্ধীনগৰ - গুজৰাট

অন্তিম তাৰিখ

২৫ জানুৱাৰী ২০২২

আৱেদন মাছুল - জেনেৰেল/ অ' বি চি প্ৰাৰ্থী

২০০/- টকা

আৱেদন মাছুল - অনুসূচিত জাতি/ জনজাতি/ মহিলা/ পি ডব্লিউ ডি/ ই ডব্লিউ এছ/ প্ৰাক্তন চাকৰিয়াল

নিল

পৰিশোধৰ ধৰণ

অনলাইন


শিক্ষাগত আৰু অন্যান্য অৰ্হতা :

শিক্ষাগত অৰ্হতা :

আই পি আৰ অফিচিয়েল অধিসূচনা অনুসৰি প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ৬০% নম্বৰ সহ MBBS উত্তীৰ্ণ হ'ব লাগিব।

অভিজ্ঞতা : প্ৰয়োজনীয় অৰ্হতা প্ৰাপ্ত কৰাৰ পিছত প্ৰাৰ্থীসকলৰ নিম্নতম দুই ০২ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। আৱশ্যকীয় প্ৰশিক্ষণ সমূহ অভিজ্ঞতা হিচাপে পৰিগণিত কৰা নহ'ব।

আৱেদন প্ৰক্ৰিয়া :

ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলে অনলাইন প্ৰক্ৰিয়াৰে আই পি আৰৰ অফিচিয়েল ৱেবচাইট ipr.res.in যোগে অন্তিম তাৰিখৰ পূৰ্বে নিজৰ আৱেদন পত্ৰ দাখিল কৰিব পৰিব।


আৰু পঢ়ক : ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান মাণ্ডি নিযুক্তি ২০২২ - এটেন্দেণ্টৰ পদ খালী


Next Story