Begin typing your search above and press return to search.

অধ্যক্ষ নিযুক্তিৰ বাবে পূব কামৰূপ কলেজৰ আবেদন আহ্বান

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ পৰীক্ষা কৰিব পাৰে

অধ্যক্ষ নিযুক্তিৰ বাবে পূব কামৰূপ কলেজৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Jan 2022 7:32 AM GMT

পূব কামৰূপ কলেজৰ বিষয়েঃ

১৯৭২-ত পূব কামৰূপ কলেজ প্ৰতিষ্ঠা কৰা হয়। এই মহাবিদ্যালয় হৈছে সাধাৰণ শাখাৰ স্নাতক মহাবিদ্যালয়। এই মহাবিদ্যালয় কমৰূপ জিলাৰ বাইহাটা চাৰিআলিত অৱস্থিত। এই মহাবিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুমোদিত।

পূব কামৰূপ কলেজত নিযুক্তি-২০২২ঃ

পূব কামৰূপ কলেজে অধ্যক্ষ নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ পূৰ্বে আবেদন জনাব পাৰে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ পৰীক্ষা কৰিব পাৰেঃ


পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

অধ্যক্ষ।

খালী পদ

১ টা।

বয়সৰ সীমা


অসম চৰকাৰৰ জাননী ( নম্বৰঃ AHE/17/2013/3 Dated 26.12.2013- অনুসৰি) ০১-০১-২০২২-ত সৰ্বোচ্চ ৫৫ বছৰ।

দৰমহা

উল্লেখ নাই।


চাকৰিৰ স্থান

কামৰূপ, অসম।

অন্তিম তাৰিখ

২৫ জানুৱাৰী ২০২২

আবেদনৰ মাচুল

৩,০০০টকা।

শিক্ষাগত অৰ্হতা:

ক) স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ন্যূনতম ৫৫ শতাংশ নম্বৰসহ স্নাতকোত্তৰ ডিগ্ৰী।

খ) সংশ্লিষ্ট/সহয়োগী আৰু/ প্ৰাসংগিক বিষয়ত পি এইচ ডি। প্ৰকাশিত গৱেষণা পত্ৰ থাকিব লাগিব। ৩) উচ্চ শিক্ষা প্ৰতিষ্ঠানত শিক্ষাদানৰ ১৫ বছৰৰ অভিজ্ঞতাসহ সহযোগী অধ্যাপক/ অধ্যাপকৰূপে কাৰ্যনিৰ্বাহ কৰা হব লাগিব।

চৰকাৰী নীতি অনুসৰি অধ্যক্ষৰ কাৰ্যকাল ৫ বছৰ।


আবেদনৰ নিয়মঃ

অহা ২৫ জানুৱাৰী, ২০২২ৰ ভিতৰত পোৱাকৈ আবেদন পত্ৰ President, Governing Body , Pub Kamrup College, Baihata Chariali, Kamrup, Assam – 781381-লৈ প্ৰেৰণ কৰিব লাগিব।

আবেদনৰ লগত ৩,০০০টকাৰ ডিমাণ্ড ড্ৰাফট প্ৰেৰণ কৰিব লাগিব। এই ডিমাণ্ড ড্ৰাফট পূব কামৰূপ কলেজৰ অধ্যক্ষৰ হকে প্ৰেৰণ কৰিব লাগিব।

সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব।



আৰু চাব পাৰে : আই আই এম শ্বিলঙত বিভিন্ন পৰ্যায়ৰ অধ্যাপকৰ পদ খালী

Next Story
চাকৰি