Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় ৰসায়ন আৰু সাৰ নিগমত অপাৰেটৰ(কেমিকেল)ৰ পদখালী

ৰাষ্ট্ৰীয় ৰসায়ন আৰু সাৰ নিগমে অপাৰেটৰ ( কেমিকেল) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ।

ৰাষ্ট্ৰীয় ৰসায়ন আৰু সাৰ নিগমত অপাৰেটৰ(কেমিকেল)ৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Jun 2021 1:32 PM GMT

খালী পদৰ সংখ্যাঃ ৫০টা ।

নিযুক্তিৰ স্থানঃ সমগ্ৰ ভাৰতত।

দৰমহাঃ মাহিলী ২৬ হেজাৰ টকাৰ পৰা ৮০ হেজাৰ টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৩-০৬-২০২১ ।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৬০ বছৰ।

আবেদনৰ মাচুলঃ তথ্য উপলব্ধ নহয়।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থীয়ে নিয়মীয়া পাঠ্যক্ৰমত তিনিবছৰীয়া বি এছ চি ডিগ্ৰী(ৰসায়ন বিজ্ঞান) গ্ৰহণ কৰিব লাগিব । বি এছ চি পাঠ্যক্ৰমত পদাৰ্থ বিজ্ঞান এটা বিষয়ৰূপে অধ্যয়ন কৰিব লাগিব আৰু এটেণ্ডেণ্ট অপাৰেটৰ(ৰাসায়নিক ক্ষেত্ৰৰ) শিক্ষা থাকিব লাগিব। অথবা কেমিকেল/কেমিকেলৰ সংলগ্ল শাখাত পূৰ্ণকালীন তিনিবছৰীয়া ডিপ্লমা থাকিব লাগিব আৰু এপ্ৰেণ্টিচ আইন, ১৯৬১ৰ(১৯৭১ৰ সংশোধনী)অধীনত এবছৰীয়া প্ৰশিক্ষণ লব লাগিব। দ্বাদশ শ্ৰেণী (বিজ্ঞান) উত্তীৰ্ণ তথা পোনপটীয়াকৈ তিনি বছৰীয়া ডিপ্লমা পাঠ্যক্ৰম (কেমিকেল বা কেমিকেলৰ সংলগ্ন শাখা)-ত তৃতীয় ছেমিষ্টাৰ তথা দ্বিতীয় বৰ্ষত নামভৰ্তি কৰা আৰু এপ্ৰেণ্টিচ আইন, ১৯৬১ৰ(১৯৭১ৰ সংশোধনী)অধীনত এবছৰীয়া প্ৰশিক্ষণ লোৱা ।

আবেদনৰ নিয়মঃ উক্ত নিগমৰ ৱেবছাইটৰ জৰিয়তে ২১ জুন, ২০২১ৰ ভিতৰত অনলাইন আবেদন জনাব পাৰিব । সাধাৰণ শ্ৰেণী, অন্যান্য পিছপৰা শ্ৰেণী আৰু আৰ্থিকভাবে পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীয়ে ৭০০ (সাতশ) টকাৰ আবেদন মাচুল জমা দিব লাগিব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

চাকৰিৰ বাৰ্তা আৰু চাবলৈ ক্লিক কৰকঃ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ এন ডি এ/এন এ পৰীক্ষাৰ আয়োজন

Next Story
চাকৰি