গুৱাহাটীৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰত পদ খালী

এই পদৰ সবিশেষ, প্ৰাৰ্থীৰ অৰ্হতা, বয়স আদিৰ তথ্য তলত উল্লেখ কৰা হলঃ
গুৱাহাটীৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰত পদ খালী
Published on

গুৱাহাটীৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ বিষয়েঃ

গুৱাহাটীৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰক বিজ্ঞান যাদুঘৰ বুলি জনা যায়। ই হৈছে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ বিজ্ঞান যাদুঘৰৰ ৰাষ্ট্ৰীয় পৰিষদৰ এটা গোট। এই বিজ্ঞান কেন্দ্ৰ মূল উদ্দেশ্য হৈছে অসমকে ধৰি উত্তৰ-পূবত বিজ্ঞানক জনপ্ৰিয় কৰা। ১৯৯৪ৰ ১৫ মাৰ্চত এই যাদুঘৰ মুকলি কৰা হয়। মুকলিৰ দিনাৰে পৰা এই আঞ্চলিক বিজ্ঞান কেন্দ্ৰই ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আদিক আকৰ্ষণ কৰি আহিছে। স্থায়ী বীথিকাৰ উপৰি এই বিজ্ঞান কেন্দ্ৰই বিজ্ঞান বিষয়ক ভাব বিনিময় কাৰ্যসূচীৰো আয়োজন কৰি আহিছে।

গুৱাহাটীৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰত পদ খালী

গুৱাহাটীৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰই ইয়াৰ ইনোভেচন হাবত জুনিয়ৰ মেণ্টৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদৰ দৰমহা, আবেদন জনোৱাৰ বাবে প্ৰয়োজনীয় অৰ্হতা,

এই পদৰ সবিশেষ, প্ৰাৰ্থীৰ অৰ্হতা, বয়স আদিৰ তথ্য তলত উল্লেখ কৰা হলঃ 

পদৰ নাম

জুনিয়ৰ মেণ্টৰ। 

খালী পদৰ সংখ্যা

২ টা। 

বয়সৰ সীমা

উল্লেখ নাই।

দৰমহা 

মাহিলী ২৫ হেজাৰ টকা, (স্থায়ী)। 

চাকৰিৰ স্থান

খানাপাৰা, গুৱাহাটী, অসম। 

অন্তিম তাৰিখ

 ৩১ ডিচেম্বৰ, ২০২১

আবেদন মাচুল

তথ্য উপলব্ধ নহয়। 

চাকৰিৰ প্ৰকৃতি

ঠিকাভিত্তিক। 

শিক্ষাগত অৰ্হতা:

বিজ্ঞান বা অভিযান্ত্ৰিকত ন্যূনতম স্নাতক ডিগ্ৰী থাকিব লাগিব। ভাল অন্বেষণমূলক কামত অভিজ্ঞতা থাকিব লাগিব। 

কেনেদৰে আবেদন জনাব পাৰেঃ :

 আগ্ৰহী প্ৰাৰ্থীয়ে অহা ৩১ ডিচেম্বৰৰ ভিতৰত পোৱাকৈ Regional Science Centre, Jawaharnagar, Khanapara, Guwahati-781022-লৈ আবেদন প্ৰেৰণ কৰিব পাৰে। আবেদন পত্ৰ প্ৰেৰণ কৰা লেফাফাত"Application for Junior Mentor" বুলি লিখা থাকিব লাগিব। 

সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com