Begin typing your search above and press return to search.

দক্ষিণ পশ্চিম গাৰো পাহাৰত প্ৰধান শিক্ষকৰ পদ খালী, শেহতীয়া চাকৰি

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

দক্ষিণ পশ্চিম গাৰো পাহাৰত প্ৰধান শিক্ষকৰ পদ খালী, শেহতীয়া চাকৰি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Nov 2021 7:36 AM GMT

দক্ষিণ পশ্চিম গাৰো পাহাৰ, আম্পাতিত শেহতীয়া ভাৱে, আৰ. এম. এছ. এ. মাধ্যমিক বিদ্যালয়ত, প্ৰধান শিক্ষকৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল। পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।


পদৰ নাম

প্ৰধান শিক্ষক

খালী পদৰ সংখ্যা

০১

দৰমহা

২৯,০০০/- টকা, মাহিলী (স্থায়ী)

বয়স

১৮ - ৩২বছৰ (জিলাৰ নিয়মাৱলী অনুসৰি ৰেহাই) অনুসূচীত জনজাতি/ জাতি, চৰকাৰী বা খ্যাতি প্ৰাপ্ত বেচৰকাৰী বিদ্যালয়ত কাম কৰি থকা প্ৰাৰ্থী সকলৰ বাবে ৪০বছৰ লৈকে ৰেহাই

নিযুক্তিৰ স্থান

দক্ষিণ পশ্চিম গাৰো পাহাৰ, আম্পাতি, মেঘালয়

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ

০৫নৱেম্বৰ ২০২১


অৰ্হতা :

# যিকোনো বিষয়ত গ্ৰেজুৱেট লগতে B. Ed ডিগ্ৰী। B. Ed নথকা সকলে আবেদন কৰিব নোৱাৰে।

# কম্পিউটাৰ জ্ঞানত ডিপ্লোমা বা শিক্ষা প্ৰদান প্ৰক্ৰিয়াত জ্ঞান আৰু প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰিব জনা সকল, সক্ৰিয় ভাৱে খেলা ধুলাৰ লগত জৰিত, অন্য কৌশলী কৰ্মৰ সৈতে জৰিত, আদি সমূহে প্ৰাধান্য দিয়াত সহায় কৰিব।

আবেদন প্ৰক্ৰিয়া :

# ভিতৰুৱা অঞ্চল সমূহত কাম কৰিবলৈ আগ্ৰহী প্ৰাৰ্থী সকলে আবেদন কৰিব।

# ইচ্ছুক প্ৰাৰ্থী সকলে I/c জিলা প্ৰকল্প সহকাৰী, আৰ. এম.এছ. এ. আৰু জিলা স্কুলীয়া শিক্ষা বিষয়া, দক্ষিণ পশ্চিম গাৰো পাহাৰ, আম্পাতি লৈ অন্তিম তাৰিখ ০৫ নৱেম্বৰ ২০২১ তাৰিখৰ লৈকে নিজৰ আবেদন প্ৰেৰণ কৰিব পাৰিব।

# আৱেদনত ফোন নম্বৰ আৰু ই- মেইল ঠিকনা উল্লেখ কৰিব লাগিব।


# পদৰ বাবে সাক্ষাৎকাৰ জিলা স্কুলীয়া শিক্ষা বিষয়া আৰু জিলা প্ৰকল্প সহকাৰীৰ কাৰ্য্যালয়, আৰ. এম.এছ. এ. দক্ষিণ পশ্চিম গাৰো পাহাৰ, আম্পাতিত অনুষ্ঠিত কৰা হ'ব।


# সাক্ষাৎকাৰৰ তাৰিখ পিছলৈ নিৰ্ধাৰণ কৰা হ'ব।


# সকলো প্ৰয়োজনীয় নথি পত্ৰৰ প্ৰতিলিপি আৰু প্ৰকৃত ৰূপ সাক্ষাৎকাৰৰ বাবে জমা কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ।


আৰু চাব পাৰেঃ অনামিকা আঙুলিত নতুন আঙঠি আলিয়া ভাটৰ

Next Story
চাকৰি