ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ বিষয়ে:
ভাৰতীয় ক্ৰীড়া সন্থা (SAI) হৈছে দেশৰ সৰ্বোচ্চ ক্ৰীড়া কৰ্তৃপক্ষ। এই প্ৰাধিকৰণ ১৯৮২ত স্থাপন কৰা হয়। এই প্ৰতিষ্ঠানৰ অধীনত পৰিচালিত কৰা হয় ২খন ক্ৰীড়া প্ৰশাসন প্ৰতিষ্ঠান, ১১খন ছাই আঞ্চলিক কেন্দ্ৰ, ১৪খন উৎকৃষ্টতা কেন্দ্ৰ, ৫৬ ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰ আৰু ২০খন বিশেষ ক্ষেত্ৰ খেল। ইয়াৰ লগতে এই প্ৰতিষ্ঠানে পৰিচালিত কৰে নেতাজী সুভাষ উচ্চ শিখৰত অৱস্থিত ৰাষ্ট্ৰীয় প্ৰশিক্ষণ কেন্দ্ৰ আৰু দেশৰ ৰাজধানী দিল্লীত অৱস্থিত ৫খন ষ্টেডিয়াম। এই ষ্টেডিয়ামকেইখন হৈছে জৱাহৰলাল নেহৰু ষ্টেডিয়াম, ইন্দিৰা গান্ধী আৰেনা, ধ্যান চান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়াম, এছ পি এম চুইমিং পুল চৌহদ আৰু ড. কৰ্ণী সিং শ্বুটিং ক্ষেত্ৰ।
ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণত পদ খালী :
ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণত শেহতীয়াভাবে নাৰ্ছিং সহায়কৰ খালী পদত নিযুক্তি বাবে ইচ্ছ্যুক তথা উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে।
প্ৰাৰ্থীসকলে পদৰ বিৱৰণ, অৰ্হতা, দৰমহা স্কেল তলত চাব পাৰে :-
পদৰ নাম | নাৰ্ছিং সহায়ক। |
খালী পদ | ২ টা। |
বয়স | ২০২১ৰ ১ ডিচেম্বৰত সৰ্বোচ্চ ৪০ বছৰ। |
দৰমহা | মাহিলী ২৫ হেজাৰ টকা। |
অন্তিম তাৰিখ | ১৫ জানুৱাৰী, ২০২২। |
নিযুক্তিৰ স্থান | লক্ষ্ণৌ, উত্তৰ প্ৰদেশ। |
আবেদনৰ মাচুল | নাই। । |
শিক্ষাগত অৰ্হতা | স্বীকৃতিপ্ৰাপ্ত বোৰ্ডৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ। |
শিক্ষাগত অৰ্হতা :
স্বীকৃতিপ্ৰাপ্ত বোৰ্ডৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ। প্ৰাৰ্থীৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা পুৰুষ নাৰ্ছৰ জেনেৰেল নাৰ্ছিং আৰু মিডৱাইফেৰীৰ চাৰ্টিফিকেট থাকিব লাগিব।
আবেদনৰ নিয়মঃ
সংশ্লিষ্ট নথিপত্ৰৰ ফটোকপিসহ আবেদন পত্ৰ অহা ১৫ জানুৱাৰীৰ ভিতৰত পোৱাকৈ ncoelkorecruitment@gmail.com -লৈ প্ৰেৰণ কৰিব পাৰে।
আৰু চাব পাৰে : ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীত জে আৰ এফ পদ খালী