ভাৰতীয় ষ্টেট বেংকত বিষয়াৰ খালী পদ

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল আদি তলত দিয়া হৈছে ।
ভাৰতীয় ষ্টেট বেংকত বিষয়াৰ খালী পদ

ভাৰতীয় ষ্টেট বেংকৰ বিষয়েঃ 

ভাৰতীয় ষ্টেট বেংক হৈছে এটা ফৰ্চুন-৫০০ কোম্পানী । ই হৈছে দেশৰ বহুজাতিক, ৰাজহুৱা খণ্ডৰ বেংকিং আৰু বিত্তীয় সেৱাৰ আইনগত প্ৰতিষ্ঠান। ভাৰতীয় ষ্টেট বেংকৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। ইয়াৰ এক দুশ বছৰ পুৰণি ঐতিহ্য আছে। প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি ভাৰতীয় ষ্টেট বেংক আস্থাৰ পাত্ৰ হৈ আহিছে। 

ভাৰতীয় ষ্টেট বেংকৰ ৪৫ কোটিৰো অদিক গ্ৰাহক আছে। ইয়াৰ শাখাৰ সংখ্যা ২২ হেজাৰৰো অধিক। ইয়াৰ ৬২, ৬১৭ টা এ টি এম- এ ডি এম আছে। ষ্টেট বেংক গ্ৰাহককেন্দ্ৰিক, উদ্ভাৱনত গুৰুত্ব আৰোপ কৰা সেৱা, স্বচ্ছাতা, নীতি, সৌজ্যনতা আৰু বহনক্ষমতা মানি চলা বেংকিং প্ৰতিষ্ঠান। 

এছ বি আইৰ ৩১ খন দেশত  ২২৯ টা কাৰ্য়ালয় আছে। 

এছ বি আইত পদখালীঃ 

এছ বি আয়ে চক্ৰস্থিত বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ 

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল আদি তলত দিয়া হৈছে ।

পদৰ নাম 

চক্ৰস্থিত বিষয়া (Circle Based Officer)

খালী পদ 

১২২৬টা। 

বয়স 

২৫ – ৪৫ বছৰ

দৰমহা

প্ৰতি মাহে ৩৬,০০০ টকাৰ পৰা ৬৩, ৮৪০টকা। 

অন্তিম তাৰিখ

২৯ ডিচেম্বৰ, ২০২১। 

চাকৰিৰ স্থান

সমগ্ৰ ভাৰতত। 

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া

অনলাইন লিখিত পৰীক্ষা আৰু সাক্ষাতকাৰ। 

আবেদনৰ মাচুল 

এছ চি /এছ টি /বিশেষভাবে সক্ষম প্ৰাৰ্থী : নাই।

আন প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত : ৭৫০টকা। 

আদায়ৰ পদ্ধতি - অনলাইন। 

ৱেবছাইট

sbi.co.in

ৰাজ্য় অনুসৰি খালী পদঃ 

গুজৰাটঃ ৩৫৪টা। 

কৰ্ণাটকঃ ২৭৮টা।

মধ্য প্ৰদেশঃ ১৭২টা। 

চত্তিশগড়ঃ ৫২টা। 

তামিলনাডুঃ ২৭৬টা।

ৰাজস্থানঃ ১০৪টা। 

শিক্ষাগত অৰ্হতা:

এছ বি আইৰ জাননী অনুসৰি প্ৰাৰ্থী কোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক হব লাগিব। তদুপৰি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বিতীয় অনুসূচী অনুসৰি কোনো অনুসূচিত বাণিজ্যিক বেংক বা  আঞ্চলিক বেংকত বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰাৰ ন্যূনতম ২ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। 

 আবেদনৰ প্ৰক্ৰিয়া:

প্ৰথমে এছ বি আইৰ অফিচিয়েল ৱেবছাইট sbi.co.in চাওক। 

এছ বি আইৰ  Recruitment or Careers চাওক।

  Circle Based Officer চাকৰিৰ জাননী চাওক আৰু অৰ্হতা পৰীক্ষা কৰক। 

আবেদন পত্ৰ পূৰণৰ পূৰ্বে শেষ তাৰিখ চাব। 

নিৰ্ভুলকৈ আবেদন পত্ৰ পূৰণ কৰিব। 

আবেদনৰ মাচুল জমা দিব। 

কেনেদৰে আবেদন জনাবঃ 

আগ্ৰহী প্ৰাৰ্থীসকলে sbi.co.in-ৰ পৰা ২৯ ডিচেম্বৰ, ২০২১ লৈ আবেদন জনাব পাৰিব। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com