Begin typing your search above and press return to search.

অৰুণাচল প্ৰদেশৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষত পদ খালী

অৰুণাচল প্ৰদেশৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই কনছালটেণ্ট নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

অৰুণাচল প্ৰদেশৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষত পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Jan 2022 11:19 AM GMT

অৰুণাচল প্ৰদেশৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ বিষয়েঃ

দুৰ্যোগ ব্যৱস্থাপনা আইন অনুসৰি দেশৰ সকলো ৰাজ্য চৰকাৰে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ স্থাপন কৰিব লাগে। ৰাজ্যিক পৰ্যায়ত দুৰ্যোগ ব্যৱস্থপনা কৰ্তৃপক্ষৰ মুৰব্বী হৈছে মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীয়ে দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে নীতি আৰু পৰিকল্পনা প্ৰস্তুত কৰিব লাগে। একেধৰণৰ বিভাগৰ জৰিয়তে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই দুৰ্যোগ ব্যৱস্থাপনাৰ ব্যৱস্থা কৰে। ইয়াৰ অধীনত দুৰ্যোগ হ্ৰাস, দুৰ্যোগৰ পৰা হোৱা ক্ষয়-ক্ষতি হ্ৰাস আদি কাম কৰা হয়।

অৰুণাচল প্ৰদেশৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষত পদ খালীঃ

অৰুণাচল প্ৰদেশৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই কনছালটেণ্ট নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ পৰীক্ষা কৰিব পাৰে:


পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

কনছালটেণ্ট।

খালী পদ

০১ টা।

বয়সৰ সীমা

৬৫ বছৰ।

দৰমহা

মাহিলী ৭০ হেজাৰ টকা।

চাকৰিৰ স্থান

অৰুণাচল প্ৰদেশ।

আবেদন মাচুল

এন/এ

ৱেবছাইট

https://sdma-arunachal.in/

অন্তিম তাৰিখ

১৫ জানুৱাৰী ২০২২


শিক্ষাগত অৰ্হতাঃ

দুৰ্যোগ ব্যৱস্থপানা, সামজিক কৰ্ম, সমাজশাস্ত্ৰ, ভূগোল, কৃষি বিজ্ঞান, স্থপতি, অভিযান্ত্ৰিক, নগৰ পৰিকল্পনাৰ যিকোনো এটাৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব। তদুপৰি সংশ্লিষ্ট ক্ষেত্ৰত ৫ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। অৱশ্যে পি এইচ ডিধাৰী প্ৰাৰ্থীৰ ৩ বছৰ অভিজ্ঞতা থাকিলেই হব।

আবেদনৰ নিয়মঃ

আগ্ৰহী প্ৰাৰ্থীয়ে আবেদন পত্ৰ The Directorate of Disaster Management, Govt. of Arunachal Pradesh, Daying Ering Colony (previous ESSSector), Itanagar – 791122-লৈ প্ৰেৰণ কৰিব পাৰে।


আৰু চাব পাৰে : প্ৰসাৰ ভাৰতী নিযুক্তি ২০২২ - ০৩ উৎপাদন কাৰ্যবাহী খালী পদ

Next Story
চাকৰি