এই বছৰতে যুগ্মজীৱনৰ পাতনি মেলাৰ কথা আছিল সিদ্ধাৰ্থ-শ্বেহনাজে

অভিনেতাজনৰ মৃত্যুৰ শোকত দগ্ধ হৈ আছে তেওঁৰ বাকদত্তা শ্বেহনাজ
এই বছৰতে যুগ্মজীৱনৰ পাতনি মেলাৰ কথা আছিল সিদ্ধাৰ্থ-শ্বেহনাজে
Published on

অকালতে বিয়োগ ঘটা অভিনেতা সিদ্ধাৰ্থ শুক্লাই এই বছৰৰ ডিচেম্বৰত বিবাহপাশত আবদ্ধ হোৱাৰ পৰিকল্পনা কৰিছিল ৷ এই উদ্দেশ্য তেওঁ আৰু তেওঁৰ বাকদত্তা শ্বেহনাজ গীলে প্ৰস্তুতিও চলাইছিল ৷ কিন্তু দুয়োৰে সেই সপোন পূৰ নহ'ল ৷ যোৱা ২ ছেপ্টেম্বৰত চিৰদিনৰ বাবে পৃথিৱী ত্যাগ কৰে যুৱ অভিনেতাজনে । বছৰ বছৰ ধৰি অগননৰ হৃদয় জয় কৰা অভিনেতাজনৰ মৃত্যুৰ শোকত দগ্ধ হৈ আছে তেওঁৰ বাকদত্তা শ্বেহনাজ ৷ দুয়োৰে ঘনিষ্ঠসকলৰ মতে, সিদ্ধাৰ্থ আৰু শ্বেহনাজে যুগ্মজীৱনকলৈ অনেক পৰিকল্পনা কৰিছিল ৷

আনহাতে, এটা অনলাইন প'ৰ্টেলৰ বাতৰি অনুসৰি প্ৰেমিক-প্ৰেমিকাহালে নিজৰ বিয়াৰ পৰিকল্পনাৰ বিষয়ে নিজ নিজ পৰিয়ালৰ লোককো অৱগত কৰিছিল।কেৱল এয়াই নহয়, তেওঁলোকে মুম্বাইৰ এখন বিলাসী হোটেলৰ সৈতে বিয়াৰ বাবে কোঠা, ভোজ আৰু অন্যান্য সেৱা বুক কৰিবলৈ আলোচনা কৰি আছিল৷ যিবোৰ তিনি দিনৰ বাবে পৰিকল্পনা কৰা হৈছিল। অৱশ্যে তেওঁলোকৰ বন্ধুবৰ্গ আৰু পৰিয়ালে এই বিষয়ে গোপনীয়তা অৱলম্বন কৰিছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com