Begin typing your search above and press return to search.

ছিকিম লোকসেৱা আয়োগৰ চাকৰিৰ আবেদন আহ্বান

ছিকিম লোকসেৱা আয়োগে মীনৰক্ষী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

ছিকিম লোকসেৱা আয়োগৰ চাকৰিৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2021-12-28T17:30:35+05:30

ছিকিম পশুপালন, মীন আৰু পশুচিকিত্সা বিজ্ঞান সেৱাৰ বিষয়েঃ

এই সেৱা হৈছে ছিকিম চৰকাৰৰ এক গুৰুত্বপূৰ্ণ সেৱা। ১৯৭৫ৰ পৰা ই ছিকিম চৰকাৰৰ এটা সুকীয়া বিভাগ হৈ আছে। পশুপালন আৰু পশুচিকিত্সা বিজ্ঞান সেৱাৰ মন্ত্ৰীৰ তদাৰকীত এই বিভাগৰ মুৰব্বী হৈছে আয়ুক্ত সচিব। ইয়াৰ কাৰিকৰী শাখাক নেতৃত্ব দিয়ে প্ৰধান সঞ্চালক আৰু দুজন সঞ্চালকে।

জিলাত এই বিভাগক নেতৃত্ব দিয়ে যুটীয়া সঞ্চালকে। তদুপৰি কাৰিকৰী কোষ ক্ৰমে প্ৰজনন কোষ, ৰোগ অনুসন্ধান বিভাগ, খাদ্য আৰু পশু খাদ্য কোষ, সম্প্ৰসাৰণ আৰু প্ৰশিক্ষণ কোষক যুটীয়া সঞ্চালকে নেতৃত্ব দিয়ে।

ছিকিম লোকসেৱা আয়োগে মীনৰক্ষী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে :

পদৰ নাম

মীনৰক্ষী।

খালী পদ

১৩

নিযুক্তিৰ স্থান

গেংটক, ছিকিম।

দৰমহা

পে-লেভেল-৬।

অন্তিম তাৰিখ

৩১/১২/২০২১

বয়স

২১-৩০ বছৰ।


শিক্ষাগত আৰু অন্যান্য অৰ্হতা :

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা প্ৰাণী বিজ্ঞানৰ বি এছ চি। ৰাজ্যখনৰ যিকোনো এটা স্থানীয় ভাষা জানিব লাগিব। প্ৰাৰ্থী ছিকিমৰ পৰম্পৰা আৰু প্ৰথাৰ সৈতে অভ্যস্ত হব লাগিব।

আৱেদন প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন জনাবলৈ www.spscskm.gov.in চাব লাগিব।

বাছনি প্ৰক্ৰিয়া: সাক্ষাৎকাৰ


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।


আৰু পঢ়ক : ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয় ( ক্ষেত্ৰ পৰিচালনা শাখা), গেংটকত পদ খালী


Next Story