Begin typing your search above and press return to search.

ব্ৰডকাষ্ট ইঞ্জিনিয়াৰিং কনছাল্টেণ্টচ ইণ্ডিয়া লিমিটেড নিযুক্তি ২০২২ - চচিয়েল মিডিয়া এক্সেকিউটিভৰ পদ খালী

ব্ৰডকাষ্ট ইঞ্জিনিয়াৰিং কনছাল্টেণ্টচ ইণ্ডিয়া লিমিটেডত চচিয়েল মিডিয়া এক্সেকিউটিভৰ খালী পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে

ব্ৰডকাষ্ট ইঞ্জিনিয়াৰিং কনছাল্টেণ্টচ ইণ্ডিয়া লিমিটেড নিযুক্তি ২০২২ - চচিয়েল মিডিয়া এক্সেকিউটিভৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Jan 2022 8:49 AM GMT

ব্ৰডকাষ্ট ইঞ্জিনিয়াৰিং কনছাল্টেণ্টচ ইণ্ডিয়া লিমিটেডৰ বিষয়ে:

ব্ৰডকাষ্ট ইঞ্জিনিয়াৰিং কনছাল্টেণ্টচ ইণ্ডিয়া লিমিটেডৰ স্থাপনা কৰা হৈছিল ২৪ মাৰ্চ ১৯৯৫চনত। ই হৈছে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ এটি প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানে ৰেডিঅ' আৰু টেলিভিছনৰ সম্প্ৰচাৰ অভিযান্ত্ৰিক বিভাগৰ বাবে প্ৰকল্প পৰামৰ্শ সেৱা আগ বঢ়াই। ইয়াৰ লগতে বিল্ডিং ডিজাইনিং সেৱা আৰু সম্প্ৰচাৰৰ সৈতে জৰিত নিৰ্মাণ কাৰ্য্য সমূহ সমাপন কৰে, বিশেষ যোগাযোগ, আৰু মানৱ সম্পদ সৈতে জৰিত কাম যেনে প্ৰশিক্ষণ আৰু মানৱ শক্তিৰ যোগান ধৰে। ইয়াৰ উপৰি এই প্ৰতিষ্ঠানে আৰক্ষী আৰু পেৰা মিলিটেৰীৰ বাবে বিশেষ যোগাযোগ, নিৰীক্ষণ, সংৰক্ষণৰ যোগান ধৰে।এই প্ৰতিষ্ঠানৰ মুখ্য কাৰ্য্যালয় নতুন দিল্লীত অৱস্থিত, সংযোগী কাৰ্য্যালয় নইডাত আৰু আঞ্চলিক কাৰ্য্যালয় বেংগালুৰুত।

ব্ৰডকাষ্ট ইঞ্জিনিয়াৰিং কনছাল্টেণ্টচ ইণ্ডিয়া লিমিটেডত চাকৰীৰ অধিসূচনা:


ব্ৰডকাষ্ট ইঞ্জিনিয়াৰিং কনছাল্টেণ্টচ ইণ্ডিয়া লিমিটেডত চচিয়েল মিডিয়া এক্সেকিউটিভৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

চচিয়েল মিডিয়া এক্সেকিউটিভ

খালী পদ

০১

বয়স

এন/এ

দৰমহা

৩৬,০০০/- টকা, প্ৰতি মাহে

অৱস্থান

শ্ৰীনগৰ - জম্মু আৰু কাশ্মীৰ

অন্তিম তাৰিখ

২১ জানুৱাৰী ২০২২

আৱেদন মাছুল

জেনেৰেল/ অ' বি চি/ প্ৰাক্তন চাকৰিয়াল/ মহিলা - ৭৫০/- টকা

অনুসূচিত জনজাতি/ জাতি/ ই ডব্লিউ এছ/ পি এইচ প্ৰাৰ্থী - ৪৫০/- টকা

পৰিশোধ ধৰণ অনলাইন

শিক্ষাগত আৰু অন্যান্য অৰ্হতা :

শিক্ষাগত অৰ্হতা :

ব্ৰডকাষ্ট ইঞ্জিনিয়াৰিং কনছাল্টেণ্টচ ইণ্ডিয়া লিমিটেডৰ অফিচিয়েল অধিসূচনা অনুসৰি ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা জনসংবাদ বিভাগত ডিগ্ৰী/ পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব

অভিজ্ঞতা :

প্ৰাৰ্থীৰ প্ৰাসংগিক বিষয়ত ২বছৰীয়া অভিজ্ঞতা থাকিব লাগিব।

আৱেদন প্ৰক্ৰিয়া :

প্ৰাৰ্থী সকলে অন্তিম তাৰিখ ২১ জানুৱাৰী ২০২২ৰ পূৰ্বে ব্ৰডকাষ্ট ইঞ্জিনিয়াৰিং কনছাল্টেণ্টচ ইণ্ডিয়া লিমিটেডৰ অফিচিয়েল ৱেবচাইট becil.com যোগে নিজৰ আৱেদন প্ৰেৰণ কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া : লিখিত পৰীক্ষা/ সাক্ষাৎকাৰ


আৰু পঢ়ক : অসম লোকসেৱা আয়োগৰ কনিষ্ঠ প্ৰশাসনিক সহায়ক নিযুক্তি


Next Story
চাকৰি