Begin typing your search above and press return to search.

দক্ষিণ কেন্দ্ৰ ৰেলৱে নিযুক্তি ২০২২ - ২১ খেলুৱৈৰ পদ খালী

দক্ষিণ কেন্দ্ৰ ৰেলৱেত শেহতীয়া ভাৱে ২১গৰাকী খেলুৱৈৰ নিযুক্তিৰ বাবে উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন বিচৰা হৈছে

দক্ষিণ কেন্দ্ৰ ৰেলৱে নিযুক্তি ২০২২ - ২১ খেলুৱৈৰ পদ খালী

NilakshiBy : Nilakshi

  |  21 Dec 2021 1:37 PM GMT

দক্ষিণ কেন্দ্ৰ ৰেলৱে :

দক্ষিণ কেন্দ্ৰ ৰেলৱে হৈছে ভাৰতীয় ৰেলৱে বিভাগৰ ১৮টা জ'নৰ এক অন্যতম ৰেলৱে। ইয়াৰ প্ৰতিস্থাপন কৰা হৈছিল ০২/১০/১৯৬৬ তাৰিখে। এই ৰেলৱেৰ সীমান্ত বিয়পি পৰিছে তেলঙ্গানা, মহাৰাষ্ট্ৰ, কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ আৰু মধ্য প্ৰদেশ লৈকে। প্ৰশাসনৰ অধীনত এই প্ৰতিষ্ঠান বিভক্ত কৰা হৈছে তিনিটা ভাগত বিভক্ত কৰা হৈছে, সেইয়া সচিব চেকুণ্ডৰাবাদ, হাইদৰবাড আৰু নন্দেড। চন ২০১৯ত ইয়াৰ পুনঃসংগঠন কৰা হয় আৰু এই প্ৰক্ৰিয়াত বিজয়ৱাদা, গানটোৰ আৰু গুন্তাকাল ৰেলৱে ষ্টেচন দক্ষিণ কোষ্ট ৰেলৱেৰ পৰা পৃথক কৰা হয়।

দক্ষিণ কেন্দ্ৰ ৰেলৱে পদ খালী :

দক্ষিণ কেন্দ্ৰ ৰেলৱেত শেহতীয়া ভাৱে ২১গৰাকী খেলুৱৈৰ নিযুক্তিৰ বাবে উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন বিচৰা হৈছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

খেলুৱৈ

খালী পদ

২১

অৱস্থান

সমগ্ৰ ভাৰততে

দৰমহা

৫,২০০ - ২০,২০০/- টকা

অন্তিম তাৰিখ

১৭/০১/২০২২

বয়স

১৮ - ২৫বছৰ

আৱেদন মাছুল

৫০০/- টকা


শিক্ষাগত অৰ্হতা :

নূন্যতম দশম শ্ৰেণী উত্তীৰ্ণ লগতে টেকনিকেল ট্ৰেডত আই টি আই উত্তীৰ্ণ।

আৱেদন প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থী সকলে অনলাইন যোগে দক্ষিণ কেন্দ্ৰ ৰেলৱেৰ অফিচিয়েল ৱেবচাইট যোগে আৱেদন দাখিল কৰিব পৰিব।

প্ৰাৰ্থী সকলে নিজৰ ফটো, স্বাক্ষৰ আৰু প্ৰয়োজনীয় নথি পত্ৰ স্কেন কৰি প্ৰেৰণ কৰিব লাগিব ।


আৰু পঢ়ক : ভাৰতীয় ক্ৰিয়া সন্থাত নিযুক্তি ২০২১ - কনিষ্ঠ পৰামৰ্শদাতাৰ পদ খালী


Next Story
চাকৰি