Begin typing your search above and press return to search.

চেণ্ট্ৰেল গ্ৰাউণ্ড ৱাটাৰ বডী নিযুক্তি ২০২২ - কৰ্মচাৰী গাড়ী চালকৰ পদ খালী

চেণ্ট্ৰেল গ্ৰাউণ্ড ৱাটাৰ বডীত কৰ্মচাৰী গাড়ী চালকৰ খালী পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে

চেণ্ট্ৰেল গ্ৰাউণ্ড ৱাটাৰ বডী নিযুক্তি ২০২২ - কৰ্মচাৰী গাড়ী চালকৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Dec 2021 11:42 AM GMT

চেণ্ট্ৰেল গ্ৰাউণ্ড ৱাটাৰ বডী :

চেণ্ট্ৰেল গ্ৰাউণ্ড ৱাটাৰ বডী হৈছে ভাৰত চৰকাৰৰ জল সম্পদ মন্ত্ৰালয়ৰ দ্বাৰ পৰিচালিত এক অধীনস্থ কাৰ্য্যালয়। এই বডী হৈছে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এক আগশাৰীৰ প্ৰতিষ্ঠান। যাৰ অন্তৰ্গত পৰিচালিত কৰা হয় দেশ খনৰ ভূগৰ্ভস্থ জল সম্পদ সম্পৰ্কীয় ভিন্ন কাম যেনে ব্যৱস্থাপনা বাবে ব্যজ্ঞানিক ইনপুট আগ বঢ়োৱা, অম্বেষণ, নিৰীক্ষণ, মূল্যায়ন, বৰ্ধিতকৰণ আৰু নিয়মাৱলী প্ৰতিস্থাপন কৰা। ভাৰত চৰকাৰ দ্বাৰা এই প্ৰতিষ্ঠান প্ৰতিস্থাপন কৰা হয় চন ১৯৭০ত। ই হৈছে কৃষি মন্ত্ৰালয়ৰ অধীনত পৰিচালিত হোৱা অন্বেষণমূলক টিউব কুৱা সংগঠনৰ নৱীকৰণ প্ৰতিষ্ঠান। চন ১৯৭২ত ইয়াক এক গোট কৰা হয় জিয়লজিকেল চাৰ্ভে অফ ইণ্ডিয়াৰ, গ্ৰাউণ্ড ৱাটাৰ বিভাগত।চেণ্ট্ৰেল গ্ৰাউণ্ড ৱাটাৰ বডী :

চেণ্ট্ৰেল গ্ৰাউণ্ড ৱাটাৰ বডীত পদ খালী :

চেণ্ট্ৰেল গ্ৰাউণ্ড ৱাটাৰ বডীত শেহতীয়া ভাৱে কৰ্মচাৰী গাড়ী চালকৰ খালী পদত নিযুক্তি প্ৰদান কৰাৰ বাবে প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

কৰ্মচাৰী গাড়ী চালক

খালী পদ

২৪

বয়স

নূন্যতম ১৮বছৰ আৰু অধিকতম ২৭বছৰ

দৰমহা

১৯,৯০০ - ৬৩,২০০/- টকা, প্ৰতি মাহে

অৱস্থান

সমগ্ৰ ভাৰততে

অন্তিম তাৰিখ

৩১ জানুৱাৰী ২০২২


শিক্ষাগত অৰ্হতা :

চেণ্ট্ৰেল গ্ৰাউণ্ড ৱাটাৰ বডী অফিচিয়েল অধিসূচনা অনুসৰি এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো স্বীকৃতি প্ৰাপ্ত অনুষ্ঠানৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব।

অভিজ্ঞতা :

কেন্দ্ৰীয়, ৰাজ্য চৰকাৰৰ/ ৰাজহুৱা খণ্ডৰ অধীনত / কোম্পানী অধিনিয়মৰ অন্তৰ্গত পঞ্জীভূত ব্যক্তিগত কোম্পানীৰ অধীনত গধূৰ বাহন সমূহ চলোৱাৰ ৩বছৰীয়া অভিজ্ঞতা (গধূৰ বাহনৰ বাবে লাইচেঞ্চ পুৱাৰ পাছত)।

আৱেদন প্ৰক্ৰিয়া :

আগ্ৰহী প্ৰাৰ্থী সকলে নিৰ্ধাৰিত পাঠ্যৰ ৰূপত নিজৰ আৱেদন পত্ৰ দাখিল কৰিব লাগিব। নিজৰ আৱেদন সহ প্ৰাৰ্থী সকলো প্ৰয়োজনীয় নথিপত্ৰ আঞ্চলিক পৰিদৰ্শক, চেণ্ট্ৰেল গ্ৰাউণ্ড ৱাটাৰ বডী (CGWB), জল শক্তি মন্ত্ৰালয়, জল সম্পদ বিভাগ নদী উন্নয়ন আৰু গঙ্গা পুনৰুজ্জিৱিতকৰণ, দক্ষিণ পশ্চিম অঞ্চল, ভূজল ভৱন, ২৭তম্ মুখ্য, ৭তম্ ক্ৰছ, HSR লে-আউট খণ্ড-১, বেংগালুৰু - ৫৬০১০২ লৈ প্ৰেৰণ কৰিব লাগিব।


আৰু পঢ়ক : ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডত প্ৰকল্প অভিযন্তাৰ পদ খালী


Next Story
চাকৰি