Begin typing your search above and press return to search.

আই চি এ আৰ উমিয়ামত নিযুক্তি ২০২১ : ষ্টাফ নাৰ্ছৰ পদখালী

ICAR উত্তৰ - পূব পাহাৰীয়া অঞ্চলত, উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা ষ্টাফ নাৰ্ছৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে

আই চি এ আৰ উমিয়ামত নিযুক্তি ২০২১ : ষ্টাফ নাৰ্ছৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Dec 2021 1:11 PM GMT

ICAR- RCNEH উমিয়ামৰ বিষয়ে জানক :

ভাৰতীয় কৃষি গৱেষণা পৰিষদ (ICAR) অধীনত ICAR উত্তৰ - পূব পাহাৰীয়া অঞ্চল, ১৯৭৫চনৰ ০৯জানুৱাৰী তাৰিখে প্ৰতিস্থাপন কৰা হয়। এই অনুষ্ঠান আছিল গৱেষণা ক্ষেত্ৰত প্ৰতিস্থাপন প্ৰথমখন অনুষ্ঠান, য'ত সমাহাৰ কৰা হৈছিল উত্তৰ পূৰ্বাঞ্চল পাহাৰীয়া অঞ্চল সমূহৰ বাবে গৱেষণা সম্বন্ধীয় ভিন্ন বিভাগ যেনে কৃষি, উদ্ভিদবিদ্যা, পশু বিজ্ঞান, কৃষি অভিযন্তা, মৎস্য বিভাগ আদি। এই অনুষ্ঠানৰ মুখ্য কাৰ্য্যালয় মেঘালয়ৰ, বৰাপানি অঞ্চলত স্থিত। এই অনুষ্ঠানৰ আঞ্চলিক কেন্দ্ৰ সমূহ হৈছে, বছৰ (অৰুণাচল প্ৰদেশ), ইম্ফল (মণিপুৰ), কলাচিব (মিজোৰাম), ঝৰ্ণাপানি (নাগালেণ্ড), লেম্বোচেৰা (ত্ৰিপুৰা) আৰু গেংটক (ছিক্কিম), আৰু এই সমূহৰ লগতে লাগি আছে সৰ্বমুঠ ১৫টা কৃষি বিজ্ঞান কেন্দ্ৰ, যিয়ে কৃষক, স্কুল ত্যাগ কৰা বিদ্যাৰ্থী, মহিলা সকলক প্ৰশিক্ষণ প্ৰদান কৰে।

ICAR RCNEH উমিয়ামত পদ খালী :

ICAR উত্তৰ - পূব পাহাৰীয়া অঞ্চলত, উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা ষ্টাফ নাৰ্ছৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

যুৱ বিত্তিধাৰী (ষ্টাফ নাৰ্ছ)

খালী পদ

০১

দৰমহা

২৫,০০০/- টকা, প্ৰতি মাহে

বয়স

২১ - ৪৫বছৰ, SC/ ST/ OBC সকলৰ বাবে চৰকাৰৰ নিয়মাৱলী অনুসৰি বয়সৰ ৰেহাই

অৱস্থান

আই চি এ আৰ চিকিৎসা স্বাস্থ্য কেন্দ্ৰ, উমিয়াম। বাছনি কৰা প্ৰাৰ্থী সকল আই চি এ আৰ চৌহদ, উমিয়ামত নিবাস কৰিব লাগিব

অন্তিম তাৰিখ

০৬ জানুৱাৰী ২০২২

পদৰ ধৰণ

স্থায়ী

শিক্ষাগত অৰ্হতা :

১. ৩বছৰীয়া জেনেৰেল নাৰ্ছিং আৰু মিডৱাইফেৰী আৰু ৬মহীয়া ডিপ্লোমা পাঠ্যক্ৰম/ (B. Sc নার্ছিং) ইণ্ডিয়ান নার্ছিং কাউন্সিলৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত অনুষ্ঠানৰ পৰা ৪বছৰীয়া ডিগ্ৰী।

২. কৰ্ম অভিজ্ঞতা থকা প্ৰাৰ্থী সকল বাঞ্ছনীয়

আৱেদন প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থী সকলে নিজৰ বায়ডাটা, স্বাক্ষৰ যুক্ত প্ৰয়োজনীয় নথি পত্ৰ, শেহতীয়া পাছপৰ্ট ফটো, অভিজ্ঞতা প্ৰমাণপত্ৰ পৰিচালক, আই চি এ আৰ গৱেষণা চৌহদ উত্তৰ পূৰ্বাঞ্চল পাহাৰীয়া অঞ্চলৰ বাবে, উমিয়াম, মেঘালয় লৈ প্ৰেৰণকৰিব লাগিব।

সাক্ষাৎকাৰ স্থান : আই চি এ আৰ গৱেষণা চৌহদ উত্তৰ পূৰ্বাঞ্চল পাহাৰীয়া অঞ্চলৰ বাবে, উমিয়াম, মেঘালয়

তাৰিখ আৰু সময় : ৬ জানুৱাৰী ২০২২, পুৱা ১১বজাৰ পৰা

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ


আৰু পঢ়ক : CPGSAS মেঘালয়ত নিযুক্তি ২০২২ -গৰাকী জুনিয়ৰ ৰিচাৰ্ছ ফেল্ল'ৰ পদখালী


Next Story