Begin typing your search above and press return to search.

ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল চায়েন্স মণিপুৰত নিযুক্তি ২০২২ - ষ্টাফ নাৰ্ছৰ পদ খালী

ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল চায়েন্স, ইম্ফলত ষ্টাফ নাৰ্ছৰ খালী পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।

ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল চায়েন্স মণিপুৰত নিযুক্তি ২০২২ - ষ্টাফ নাৰ্ছৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Dec 2021 10:25 AM GMT

ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল চায়েন্স, ইম্ফল :

ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল চায়েন্স, ইম্ফল, লেম্ফেলপাট, ইম্ফল, মণিপুৰত অৱস্থিত। এই অনুষ্ঠান স্থাপিত কৰা হৈছিল, ১৪ছেপ্টেম্বৰ ১৯৭২চনত। এই অনুষ্ঠান পৰিচালিত কৰে "নৰ্থ ইষ্টান ৰিজনেল মেডিকেল কলেজ ছছাইটি" নামৰ এটি সংস্থানে। মণিপুৰ ছছাইটিজ ৰেজিষ্ট্ৰেচন এক্ট, ১৯৮৯ৰ অধীনত এই এই সংস্থানৰ অধীনলৈ আহিছিল ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল চায়েন্স, ইম্ফল।

ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল চায়েন্স, ইম্ফলত চাকৰিৰ অধিসূচনা :

ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল চায়েন্স, ইম্ফলত, শেহতীয়া ভাৱে ষ্টাফ নাৰ্ছৰ খালী পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

ষ্টাফ নাৰ্ছ

খালী পদ

৪৮

বয়স

১৮ - ৩৫বছৰ, ০১-০১-২ ০২১ৰ মতে

দৰমহা

২৫,৭১০/- টকা, প্ৰতি মাহে

অৱস্থান

ইম্ফল - মণিপুৰ

অন্তিম তাৰিখ

৩০- ডিচেম্বৰ - ২০২১


আৱেদন প্ৰক্ৰিয়া :

ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল চায়েন্স, ইম্ফলৰ অফিচিয়েল অধিসূচনা অনুসৰি আগ্ৰহী প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ আৰু জেনেৰেল নাৰ্ছিং আৰু মিডৱাইফেৰী বিষয়ত ডিপ্লোমা।

অভিজ্ঞতা :

কোনো ৰাজ্যিক নাৰ্ছিঙ কাউন্সিলৰ অধীনত গ্ৰেড নাৰ্ছ ৰূপে পঞ্জীভূত হ'ব লাগিব।

আৱেদন প্ৰক্ৰিয়া :

ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলে সকলো প্ৰয়োজনীয় নথি পত্ৰ সহ এ ব্লক, ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল চায়েন্স, ইম্ফলত অহা ৩০ জানুৱাৰী ২০২১তাৰিখে অনুষ্ঠিত হ'ব লগীয়া সাক্ষাৎকাৰৰ বাবে উপস্থিত হ'ব লাগিব।


আৰু পঢ়ক : ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী নিযুক্তি ২০২২ - লেৱৰেটৰী এটেন্দেন্তৰ পদখালী


Next Story
চাকৰি