Begin typing your search above and press return to search.

ক্লাইমেট গ্ৰুপত নিযুক্তি ২০২১ - ষ্টেট ক্লাইমেট ফেল্ল'ৰ পদ খালী

ক্লাইমেট গ্ৰুপত ষ্টেট ক্লাইমেট ফেল্ল'ৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে আৱেদন পত্ৰ বিচাৰিছে

ক্লাইমেট গ্ৰুপত নিযুক্তি ২০২১ - ষ্টেট ক্লাইমেট ফেল্লৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Dec 2021 1:44 PM GMT

ক্লাইমেট গ্ৰুপৰ বিষয়ে :

ক্লাইমেট গ্ৰুপ হৈছে এক অলাভজনক সংগঠন, যিয়ে উদ্যোগী আৰু চৰকাৰী প্ৰতিনিধি সকলক জলবায়ুত পৰিলক্ষিত হোৱা সলনি সমূহৰ বিষয়ে অৱগত কৰে। এই গ্ৰুপৰ পৰিকল্পনা সমূহে নৱীকৰণযোগ্য শক্তি আৰু গ্ৰীণ হাউচ গেছৰ প্ৰভাৱ হ্ৰাস কৰাত মনোনিয়োগ কৰে। এই বিশেষ গ্ৰুপৰ আৰম্ভণি ঘটিছিল ২০০৪বৰ্ষত। এই সংগঠন সমগ্ৰ বিশ্বতে কৰ্মনিয়োগ, আৰু ইয়াৰ মুখ্য কাৰ্য্যালয় অৱস্থিত ইউনাইটেড কিংদম, ইউনাইটেড ষ্টেটছ আৰু ভাৰতত।

ক্লাইমেট গ্ৰুপত শেহতীয়া পদ খালী :

ক্লাইমেট গ্ৰুপত শেহতীয়া ভাৱে ষ্টেট ক্লাইমেট ফেল্ল'ৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচাৰিছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

ষ্টেট ক্লাইমেট ফেল্ল', ভাৰত

খালী পদ

বিভিন্ন

বয়স

এন/এ

দৰমহা

৬৫,০০০ - ৭৫,০০০/- টকা, প্ৰতি বছৰে

অৱস্থান

নতুন দিল্লী

অন্তিম তাৰিখ

২৬ ডিচেম্বৰ ২০২১


শিক্ষাগত আৰু অন্যান্য অৰ্হতা :

কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা জলবায়ু পৰিবৰ্তন, অৰ্থনীতি, পাৰিপাৰ্শ্বিক ব্যৱস্থাপনা, ৰাজহুৱা আঁচনি, আন্তঃৰাষ্ট্ৰীয় উন্নয়ন বা অন্য কোনো প্ৰাসংগিক বিষয়ত গ্ৰেজুৱেট হ'ব লাগিব।

ক্লাইমেট পলিচি আৰু প্ৰাসংগিক ক্ষেত্ৰত ৩ - ৪ বছৰৰ অভিজ্ঞতা।

ভাৰতৰ জলবায়ু পৰিবৰ্তন আৰু আঁচনি সমূহৰ জ্ঞান থাকিব লাগিব।

চৰকাৰী জলবায়ু আঁচনি সমূহৰ সৈতে কামৰ অভিজ্ঞতা তথা প্ৰকল্প সহকাৰীৰ প্ৰমাণিত ৰেকৰ্ড থাকিব লাগিব।

জলবায়ু সম্বন্ধীয় সমস্যা সমূহৰ লগত কাম কৰাৰ ইচ্ছা।

লেখা আৰু কথোপকথনৰ কৌশল, লগতে জলবায়ু সম্বন্ধীয় পৰিকল্পনা সমূহত নিজাববীয়াকৈ মত প্ৰকাশ কৰিব পাৰিব লাগিব।

আৱেদন প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থী সকলে অফিচিয়েল ৱেবচাইট যোগে নিজৰ আৱেদন দাখিল কৰিব পৰিব। কোনো অন্যান্য তথ্যৰ বাবে যোগাযোগ কৰক সৌৰভ চৌধুৰীক (জেষ্ঠ প্ৰকল্প বিষয়া - চৰকাৰী সম্বন্ধীয়, ভাৰত)।

ইমেইল SChoudhury@climategroup.org

এই পদৰ আৱেদন বায়ডাটা আৰু কভাৰ লেটাৰ ৰূপে জমা কৰিব লাগিব।


আৰু পঢ়ক : দক্ষিণ কেন্দ্ৰ ৰেলৱে নিযুক্তি ২০২২ - ২১ খেলুৱৈৰ পদ খালী


Next Story
চাকৰি