তেজপুৰ বিশ্ববিদ্যালয়ত জুনিয়ৰ ৰিচাৰ্ছ ফেল'ৰ পদখালী

এই বিষয়ে তলত অধিক তথ্য পাব।
তেজপুৰ বিশ্ববিদ্যালয়ত জুনিয়ৰ  ৰিচাৰ্ছ ফেল'ৰ পদখালী

তেজপুৰ বিশ্ববিদ্যালয়ত জুনিয়ৰ ৰিচাৰ্ছ ফেল'ৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল। 

পদৰ নাম : জুনিয়ৰ ৰিচাৰ্ছ ফেল' (JRF)

খালী পদৰ সংখ্যা : ০১টা

নিযুক্তিৰ স্থান : তেজপুৰ, অসম

বয়স : অধিকতম ২৮বছৰ

দৰমহা : ৩১,০০০টকা, মাহিলী + HRA (স্বীকাৰ্য অনুসৰি)

অন্তিম তাৰিখ : ০৮/১০/২০২১

প্ৰকল্পৰ নাম : Design of organic nitrile surrogates for the synthesis of aliphatic /aromatic / heteroaromatic nitriles : A reliable gateway to Azaheterocycles

শিক্ষাগত অৰ্হতা :

এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী ৰসায়ন বিজ্ঞান বিষয়ত ৫৫%নম্বৰ সহ M. Sc উত্তীৰ্ণ হ'ব লাগিব।

নতুবা সমান্তৰাল CGPA সহ NET/ GATE উত্তীৰ্ণ হ'ব লাগিব

আবেদনৰ প্ৰক্ৰিয়া :

সময়সীমা : ০৭/০৬/২০২৪ বা এই প্ৰকল্প শেষ হোৱালৈকে বা পৰবৰ্তী নিৰ্দেশ মুকলি হোৱালৈকে।

• ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ নিৰ্ধাৰিত পাঠ্যৰ ৰূপত (enclosed as Annexure-I) দশম শ্ৰেণীৰ পৰা শিক্ষাগত প্ৰমাণপত্ৰ, জাতি মানপত্ৰ, অভিজ্ঞতা মানপত্ৰ, NET/ GATE বা সমান্তৰাল পৰীক্ষাত উত্তীৰ্ণ মানপত্ৰ আৰু শেহতীয়া ভাৱে স্বাক্ষৰ যুক্ত এখন বায়ডাটা প্ৰধান তদন্তকাৰীলৈ ই- মেইললৈ প্ৰেৰণ কৰিব লাগিব।

• বাছনি কৰা প্ৰাৰ্থী সকলক সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ কৰা হ'ব।

অধিক জানিবৰ বাবে যোগাযোগ কৰক :

ডক্টৰ উৎপল বৰা, প্ৰধান তদন্তকাৰী, ৰসায়ন বিজ্ঞান বিভাগ, তেজপুৰ বিশ্ববিদ্যালয়, তেজপুৰ - ৭৮৪০২৮, অসম।

মেইল : ubora@tezu.ernet.in বা utpal06@gmail.com

ফোন : +৯১ ৯৪৩৫৬৯৯৬৩৬(ম) বা +৯১-৩৭১২-২৭৫৬৭(টেলি ফোন)

বাছনি প্ৰক্ৰিয়া :

• বাছনি কৰা প্ৰাৰ্থী সমূহ নিজৰ প্ৰকৃত মানপত্ৰ সহ সাক্ষাৎকাৰৰ বাবে উপস্থিত হ'ব লাগিব।

• সাক্ষাৎকাৰ কৰ্তৃপক্ষই এই মানপত্ৰ পৰীক্ষণ কৰিব।

• সাক্ষাৎকাৰৰ উপস্থিত হোৱাৰ বাবে কোনো ধৰণৰ TA/ DA বিনিময় কৰা নহ'ব।

• আগৰ পৰাই কৰ্মৰত বা P.hd কৰি থকা প্ৰাৰ্থীয়ে ন' অভেকশ্যন মানপত্ৰ জমা কৰিব লাগিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com