Begin typing your search above and press return to search.

টাটা ইনষ্টিটিউট অৱ ছোচিয়েল ছায়েন্সত ছিষ্টেম এডমিনিষ্ট্ৰেটৰৰ পদ খালী

ছিষ্টেম এডমিনিষ্ট্ৰেটৰ নিযুক্তিৰ বাবে টি আই এছ এছে আবেদন বিচাৰিছে। পদৰ সবিশেষ তথ্য তলত উল্লেখ কৰা হৈছে।

টাটা ইনষ্টিটিউট অৱ ছোচিয়েল ছায়েন্সত ছিষ্টেম এডমিনিষ্ট্ৰেটৰৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Dec 2021 12:33 PM GMT

টাটা ইনষ্টিটিউট অৱ ছোচিয়েল ছায়েন্সৰ বিষয়েঃ

১৯৩৬ত টাটা ইনষ্টিটিউট অৱ ছোচিয়েল চায়েন্স (টি আই এছ এছ) প্ৰতিষ্ঠা কৰা হয়। আৰম্ভণিতে এই প্ৰতিষ্ঠানৰ নাম ছাৰ দৰাবজী গ্ৰেজুৱেট স্কুল অৱ চোচিয়েল ৱৰ্ক আছিল। ১৯৪৪ত এই প্ৰতিষ্ঠানৰ নাম টাটা ইনষ্টিটিউট অৱ ছোচিয়েল ছায়েন্স কৰা হয়। ১৯৬৪ বছৰটো এই প্ৰতিষ্ঠানৰ বাবে উল্লেখনীয় বৰ্ষ আছিল। কাৰণ উক্ত বছৰ এই প্ৰতিষ্ঠানক টাটা ইনষ্টিটিউট অৱ ছোচিয়েল চায়েন্সক বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউ জি চি)-এ ডীমড বিশ্ববিদ্যালয়ৰূপে ঘোষণা কৰে।

প্ৰতিষ্ঠান সময়ৰ টি আই এছ এছে নিজকে জ্ঞানৰ উত্কৰ্ষতাৰ কেন্দৰূপে গঢ়ি তোলাৰ প্ৰয়াস কৰি আহিছে। তদুপৰি এই প্ৰতিষ্ঠানৰ উদ্দেশ্য হৈছে এখন ন্যায়পৰাদন সমাজ প্ৰতিষ্ঠা কৰা আৰু সকলোৰে মৰ্যাদা, সমতা, সামাজিক ন্যায় আৰু মানবাধিকাৰ ৰক্ষা কৰা।


টাটা ইনষ্টিটিউট অৱ ছোচিয়েল ছায়েন্সত নিয়ুক্তি ২০২১ঃ

ছিষ্টেম এডমিনিষ্ট্ৰেটৰ নিয়ুক্তিৰ বাবে টি আই এছ এছে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখ কৰা হৈছে।

পদৰ নাম

ছিষ্টেম এডমিনিষ্ট্ৰেটৰ।

খালী পদ

নিৰ্দিষ্টকৈ উল্লেখ নাই।

বয়স

তথ্য উপলব্ধ নহয়।

দৰমহা

মাহিলী ৩৫ হেজাৰ টকা।

চাকৰিৰ স্থান

হায়দৰাবাদ (তেলেংগানা)।

অন্তিম তাৰিখ

৩০ ডিচেম্বৰ, ২০২১

আবেদনৰ মাচুল

১০০০টকা। এছ চি / এছ টি / বিশেষভাবে সক্ষম প্ৰাৰ্থীৰ ক্ষেত্ৰত :২৫০ টকা। মহিলা প্ৰাৰ্থীৰ ক্ষেত্ৰত নাই। মাচুল আদায়ৰ পদ্ধতি: অনলাইন।

শিক্ষাগত অৰ্হতা :

প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত ন্যূনতম ৫৫ শতাংশ নম্বৰসহ বি ই/বি টেক/ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব।

অভিজ্ঞতাৰ সবিশেষঃ ফ্ৰী আৰু অপেন ছোৰ্ছ ছফটৱেৰ ( (Windows, Linux and Mac)ত স্কটপ, লেপটপ, প্ৰিণ্টাৰ পৰিচালনা কৰিব পাৰিব লাগিব। তদুপৰি Skype, WebEx, Zoom-ত কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব। লগতে Redhat, Debian, CentOS-ৰ নিচিনা GNU/Linux distributions-ত কাম কৰিব পাৰিব লাগিব।


আবেদন প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থী সকলে নিজৰ সকলো প্ৰয়োজনীয় নথি পিতৃৰ সৈতে অহা ৩০ ডিচেম্বৰৰ ভিতৰত tiss.edu-ৰ পৰা আবেদন জনাব পাৰিব।



আৰু চাব পাৰে :NDDB নিযুক্তি ২০২১ - প্ৰশিক্ষাৰ্থীৰ পদ খালী




Next Story
চাকৰি