Begin typing your search above and press return to search.

ত্ৰিপুৰা উচ্চ ন্যায়ালয়ত ব্যক্তিগত সহযোগীৰ পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

ত্ৰিপুৰা উচ্চ ন্যায়ালয়ত ব্যক্তিগত সহযোগীৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Oct 2021 10:06 AM GMT

ত্ৰিপুৰা উচ্চ ন্যায়ালয় হৈছে ত্ৰিপুৰাৰ উচ্চ ন্যায়ালয়, যাৰ নিৰ্মাণ হৈছিল ভাৰতীয় সংবিধান আৰু উত্তৰ পূৰ্বাঞ্চল অঞ্চল অধিনিয়ম ১৯৭১ জাৰী হোৱাৰ পাছত, ১৯৫৬চনৰ, ২৩মাৰ্চত। ত্ৰিপুৰা উচ্চ ন্যায়ালয় ত্ৰিপুৰাৰ ৰাজধানী চহৰ আগৰতলাত অৱস্থিত। আৰু ইয়াৰ প্ৰথম মুখ্য ন্যায়াধীশ আছিল ন্যায়াধীশ দীপক গুপ্তা (২৩/০৩/২০১৩ - ১৬/০৫/২০১৬)।

ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ খালী পদৰ অধিসূচনা ২০২১ :

উপযুক্ত প্ৰাৰ্থী সকলক ব্যক্তিগত সহযোগীৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।


পদৰ নাম : ব্যক্তিগত সহযোগী

খালী পদৰ সংখ্যা : ১৪টা

বয়স : উল্লেখিত নাই

দৰমহা : ৪২,৯০০/- টকা,( মাহিলী)।

পদৰ অৱস্থান : ত্ৰিপুৰা

অন্তিম তাৰিখ :২০/১১/২০২১

আবেদনৰ মাছুল : ইউ. আৰ. ৪০০/- টকা

অনুসূচিত জনজাতি/ জাতি ২০০/- টকা

ব্যক্তিগত সহযোগী পদৰ অৰ্হতা :

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো বিষয়ত গ্ৰেজুৱেট। প্ৰতি মিনিটত ১০০শব্দৰ চৰ্তহেণ্ড অৰ্হতা আৰু প্ৰতি মিনিটত ৪০টা শব্দৰ কম্পিউটাৰ অৰ্হতা। আইন গ্ৰেজুৱেট সকলক প্ৰাধান্য দিয়া হ'ব।

আবেদন প্ৰক্ৰিয়া : উল্লেখিত পদৰ বাবে https://thc.nic.in/ ৱেবচাইটযোগে ২০/১১/২০২১ তাৰিখ বিয়লি ৪বজালৈকে আবেদন দাখিল কৰিব পাৰিব।

বাছনি প্ৰক্ৰিয়া :

• লিখিত পৰীক্ষা +

• ষ্টেনোগ্ৰাফী পৰীক্ষা (শ্ৰুতলিপি আৰু পাঠান্তৰণ)


আৰু চাব পাৰেঃ ICAR-ৰ উত্তৰ - পূব পাহাৰীয়া অঞ্চল উমিয়াম চৌহদত যুৱ পেচাদাৰীৰ পদখালী

Next Story