Begin typing your search above and press return to search.

আধাৰ কৰ্তৃপক্ষত চাৰিটা পৰ্যায়ৰ বিষয়াৰ পদ খালী

আধাৰ কৰ্তৃপক্ষই উপ-সঞ্চালক আৰু সহকাৰী সঞ্চালকৰ ১১ টা পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

আধাৰ কৰ্তৃপক্ষত চাৰিটা পৰ্যায়ৰ বিষয়াৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Dec 2021 10:53 AM GMT

ইউ আই ডি এ আইৰ বিষয়েঃ


আধাৰ ( লক্ষ্য নিৰ্দিষ্ট বিত্তীয় আৰু অন্যান্য ৰাজসাহায্য, লাভ আৰু সেৱা) আইন, ২০১৬-ৰ অধীনত আইনগত প্ৰতিষ্ঠানৰূপে ভাৰতীয় একক পৰিচয় কৰ্তৃপক্ষ ( আই এ আই ডি আই) স্থাপন কৰা হৈছে। ২০১৬ৰ ১২ জুলাইত স্থাপন কৰা এই আইনগত সংস্থা ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিক আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয় ((MeitY)-ৰ অধীনৰ কৰ্তৃপক্ষ। ২০১৯ত আধাৰ আৰু অন্যান্য আইন (সংশোধন),২০১৯ৰ জৰিয়তে আধাৰ আইনৰ সংশোধন ঘটোৱা হয়।

আধাৰ কৰ্তৃপক্ষত পদ খালীঃ

আধাৰ কৰ্তৃপক্ষই উপ-সঞ্চালক আৰু সহকাৰী সঞ্চালকৰ ১১ টা পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

পদৰ নাম

উপ-সঞ্চালক, সহকাৰী সঞ্চালক, কাৰিকৰী বিষয়া, সহকাৰী শাখা বিষয়া।

খালী পদ

উপ-সঞ্চালকৰ ০৫টা, সহকাৰী সঞ্চালকৰ ২টা, কাৰিকৰী বিষয়াৰ ৩টা, সহকাৰী শাখা বিষয়াৰ ৩টা।

বয়সৰ সীমা

আবেদন গ্ৰহণৰ শেষ তাৰিখত ৫৬ বছৰতকৈ অধিক হব নালাগিব।

দৰমহা

উপ-সঞ্চালকৰ লেভেল-১১, সহকাৰী সঞ্চালকৰ লেভেল-১০, কাৰিকৰী বিষয়াৰ লেভেল-৮ আৰু সহকাৰী শাখা বিষয়াৰ লেভেল-৬।

চাকৰিৰ অৱস্থান


অন্তিম তাৰিখ

২৪ জানুৱাৰী, ২০২১

ৱেবছাইট

uidai.gov.in

শিক্ষাগত অৰ্হতা:

উপ-সঞ্চালকৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী থাকিব লাগিব।

সহকাৰী সঞ্চালকৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ কৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী থাকিব লাগিব।

কাৰিকৰী বিষয়াৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ কৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী থাকিব লাগিব।

সহকাৰী শাখা বিষয়াৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ প্ৰশাসন / আইন/ মানৱ সম্পদ/ বিত্ত/ গণনা/ বাজেট প্ৰস্তুতকৰণ/ তদাৰকী/ সংগ্ৰহ/ নীতি আৰু পৰিকল্পনা / প্ৰকল্প ৰূপায়ন আৰু নিৰীক্ষণ/ ই-গভৰ্নেন্স আদিৰ কামত অভিজ্ঞতা থাকিব লাগিব। তদুপৰি কম্পিউটাৰযুক্ত কাৰ্যালয়ত কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।


আবেদনৰ প্ৰক্ৰিয়া:

আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে নিৰ্ধাৰিত আবেদন পত্ৰৰ জৰিয়তে আবেদন কৰিব পাৰে। আবেদনকাৰীয়ে প্ৰাসঙ্গিক নথিপত্ৰৰ সৈতে Authority of India (UIDAI), Aadhaar Complex, NTI Layout, Tata Nagar, Kodigehalli, Technology Centre, Bengaluru- 560092লৈ আবেদন প্ৰেৰণ কৰিব পাৰে।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ সাক্ষাতকাৰ।

আৰু পঢ়ক:অসম জৰীপ আৰু বন্দবস্তি প্ৰশিক্ষণ কেন্দ্ৰত পদ খালী


Next Story
চাকৰি