Begin typing your search above and press return to search.

ই এছ আই চি নিযুক্তি ২০২২ - ইউ ডি চি, এম টি এছ আৰু ষ্টেনো পদৰ অধিসূচনা, ১৫ জানুৱাৰীৰ পৰা পঞ্জীয়ন

প্ৰাৰ্থী সকলৰ পঞ্জীয়নৰ কাম অহা ১৫ জানুৱাৰী ২০২২ তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু সমাপ্ত হ'ব ১৫ ফেব্ৰুৱাৰী ২০২২ তাৰিখে

ই এছ আই চি নিযুক্তি ২০২২ - ইউ ডি চি, এম টি এছ আৰু ষ্টেনো পদৰ অধিসূচনা, ১৫ জানুৱাৰীৰ পৰা পঞ্জীয়ন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Dec 2021 12:47 PM GMT

কৰ্মচাৰী ৰাজ্যিক বীমা নিগমত (ESIC) ২৮টা ভিন্ন স্থানৰ লগতে মুখ্য কাৰ্যালয়, নতুন দিল্লীত বিভিন্ন পদ যেনে ইউ ডি চি (উচ্চ খণ্ডৰ কেৰাণী), এম টি এছ (মাল্টি টাস্কিং কৰ্মচাৰী), আৰু ষ্টেনোগ্ৰাফাৰৰ সৰ্বমুঠ ৩৮৪৭ টা খালী পদৰ বাবে অধিসূচনা মুকলি কৰা হৈছে।

প্ৰাৰ্থীত্ব আগ বঢ়াবলৈ ইচ্ছুক প্ৰাৰ্থী সকলে কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ অফিচিয়েল ৱেবছাইট esic.nic.inৰ জৰিয়তে নিজৰ নিজৰ নাম পঞ্জীভূত কৰাৰ লগতে নিজৰ আৱেদন পত্ৰ দাখিল কৰিব পৰিব।

এই অধিসূচনা অনুসৰি, প্ৰাৰ্থী সকলৰ পঞ্জীয়নৰ কাম অহা ১৫ জানুৱাৰী ২০২২ তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু সমাপ্ত হ'ব ১৫ ফেব্ৰুৱাৰী ২০২২ তাৰিখে। সেই হেতু প্ৰাৰ্থী সকলক সম্পূৰ্ণ ১মাহৰ সময়সীমা প্ৰদান কৰা হৈছে নিজৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবৰ বাবে।

কৰ্মচাৰী ৰাজ্যিক বীমা নিগম নিযুক্তিৰ বাবে অৰ্হতা :

ইউ ডি চি (উচ্চ খণ্ডৰ কেৰাণী) পদত আৱেদন দাখিল কৰিবলৈ প্ৰাৰ্থী সকল কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা গ্ৰেজুৱেট হোৱাৰ লগতে, কম্পিউটাৰৰ প্ৰাথমিক জ্ঞান থাকিব লাগিব।

এম টি এছ (মাল্টি টাস্কিং কৰ্মচাৰী) পদৰ বাবে প্ৰাৰ্থী সকল কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত অনুষ্ঠানৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব।

ষ্টেনোগ্ৰাফাৰৰ পদত আৱেদন দাখিল কৰিবলৈ প্ৰাৰ্থী সকল দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব, লগতে ইংৰাজী ভাষাত প্ৰতিলিপি ৰেট ৫০ মিনিট, হিন্দী ভাষাত ৬৫ মিনিট হ'ব লাগিব আৰু দিক্টেটিংৰ স্পিড ১০মিনিটৰ, ৮০ টা শব্দ প্ৰতি মিনিটৰ হ'ব লাগিব।

দৰমহা :

উচ্চ খণ্ডৰ কেৰাণী আৰু ষ্টেনোগ্ৰাফাৰৰ বাবে প্ৰতি মাহে ২৫,০০০ - ৮১,০০০/- টকা আৰু মাল্টি টাস্কিং কৰ্মচাৰীৰ বাবে ৭তম চেণ্ট্ৰেল পে কমিচনৰ অনুসৰি ১৮,০০০ - ৫৬,৯০০/- টকা।

আৱেদন প্ৰক্ৰিয়া :

১. প্ৰথমে অফিচিয়েল ৱেবচাইট esic.nic.inৰ খুলক

২. ৱেবচাইটৰ গৃহ পৃষ্ঠাত "পঞ্জীয়ন"ত ক্লিক কৰক

৩. আৱেদন পত্ৰত সকলো প্ৰয়োজনীয় তথ্য দাখিল কৰক

৪. আৱেদন পূৰণ কৰাৰ পাছত "ভেলিদেট ইউৰ দিতেইলছ" ক্লিক কৰি আৱেদন জমা কৰক

৫. "জমা আৰু পৰবৰ্তী" কৰক

৬. নিজৰ আৱেদন মাছুল পৰিশোধ কৰক

৭. প্ৰয়োজনীয় নথি পত্ৰ সমূহ আপলোড কৰক

৮. জমা কৰক আৰু ভবিষ্যত প্ৰয়োজনৰ বাবে আৱেদন পত্ৰৰ প্ৰতিলিপি সংগ্ৰহ কৰক


আৰু পঢ়ক : বিশাখাপটনম পৰ্ট ট্ৰাষ্টত নিযুক্তি ২০২২ - ডি ৱাই মুখ্য অভিযন্তাৰ পদ খালী


Next Story
চাকৰি