Begin typing your search above and press return to search.

NMPT নিযুক্তি ২০২১ - VTS প্ৰবন্ধকৰ পদ খালী

নতুন মাংগালোৰ বন্দৰ ট্ৰাষ্টত ভি টি এছ প্ৰবন্ধকৰ খালী পদৰ বাবে প্ৰাৰ্থী সকলৰ পৰা আবেদন পত্ৰ বিচাৰিছে

NMPT নিযুক্তি ২০২১ - VTS প্ৰবন্ধকৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Dec 2021 10:35 AM GMT

NMPT ৰ বিষয়ে :

নতুন মাংগালোৰ বন্দৰ হৈছে, বছৰৰ সকলো ঋতুতে পানীৰে উপচি থকা কৰ্ণাটক ৰাজ্যৰ মাংগালোৰৰ, পানামবোৰত অৱস্থিত এক ড' আভ্যন্তৰীণ বন্দৰ। এই বন্দৰ কৰ্ণাটকৰ প্ৰধান বন্দৰ আৰু ভাৰতৰ সপ্তম সৰ্ববৃহৎ বন্দৰ। এই বন্দৰ পৰিচালিত কৰে নতুন মাংগালোৰ বন্দৰ ট্ৰাষ্টে।

"নতুন মাংগালোৰ বন্দৰ" নামে এই বিশেষ বন্দৰটোক মাংগালোৰ চহৰত অৱস্থিত পুৰণা বন্দৰ, নাম "মাংগালোৰ বন্দৰ" বা "পুৰণি বন্দৰ"ৰ পৰা নিজকে পৃথক কৰি ৰাখে। মাংগালোৰত অৱস্থিত এই পুৰণি বন্দৰ বৰ্তমান সময়ত ব্যৱহাৰ কৰা হয় মাছ ধৰা আৰু আন সৰু সুৰা সামগ্ৰীৰ যাতায়তৰ বাবে। এই বন্দৰে কৰ্ণাটকৰ লগতে, কেৰেলা ভিন্ন স্থানৰ বাবে কাম কৰে। এই বন্দৰৰ দ্বাৰা বাণিজ্য কৰা কেইবিধ মান বিশেষ বস্তু হৈছে লো, কফি, কাজু আদি।


নতুন মাংগালোৰ বন্দৰ ট্ৰাষ্টত পদ খালী :

নতুন মাংগালোৰ বন্দৰ ট্ৰাষ্টত শেহতীয়া ভাবে ভি টি এছ প্ৰবন্ধকৰ খালী পদৰ নিযুক্তি প্ৰদান কৰিবৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আবেদন পত্ৰ বিচাৰিছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে।

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

ভি টি এছ প্ৰবন্ধক

পদ

০১

বয়স

নতুন মাংগালোৰ বন্দৰ ট্ৰাষ্টৰ অফিচিয়েল অধিসূচনা অনুসৰি এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীৰ অধিকতম বয়স ৫৫বছৰ হ'ব লাগিব

দৰমহা

১৫০০০০/- টকা

অৱস্থান

মাংগালোৰ - কেৰেলা

অন্তিম তাৰিখ

২০ জানুৱাৰী ২০২১

আবেদন মাচুল

নিল


শিক্ষাগত অর্হতা :

নতুন মাংগালোৰ বন্দৰ ট্ৰাষ্টৰ অফিচিয়েল অধিসূচনা অনুসৰি এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী নতুন মাংগালোৰ বন্দৰ ট্ৰাষ্টৰ অফিচিয়েল অধিসূচনাত উল্লেখ কৰা ধৰণে কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হ'ব লাগিব।

আবেদন প্ৰক্ৰিয়া :

এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী নিজৰ সকলো প্ৰয়োজনীয় নথি পত্ৰ সহ অহা ২০ জানুৱাৰী ২০২২ তাৰিখে উল্লেখিত ঠিকনাত সাক্ষ্যৎকাৰৰ বাবে উপস্থিত হ'ব লাগিব।


ঠিকনা : উপ সংৰক্ষকৰ কাৰ্য্যালয়, দ্বিতীয় মহলা, (কক্ষ নং ২১২), প্ৰশাসনিক কাৰ্য্যালয় চৌহদ, NMPT, পানামবোৰ, মাংগালোৰ


আৰু পঢ়ক : FCSCA অসম নিযুক্তি ২০২১ - সভাপতি, সদস্যৰ পদ খালী


Next Story
চাকৰি